Punjab: পঞ্জাৱৰ এটা ফটকা কাৰখানাত ভয়ংকৰ দুৰ্ঘটনা।বৃহস্পতিবাৰে নিশা পঞ্জাৱৰ মুক্তসাৰ জিলাৰ সিংহেৱালা গাঁৱত ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত প্ৰাণ গ’ল পাঁচজন প্ৰব্ৰজিত শ্ৰমিকৰ ।
এই ঘটনাত আন ২৯ জন লোক আহত হয়। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক। তথ্য অনুসৰি,বৃহস্পতিবাৰে পুৱা প্ৰায় এক বজাত সংঘটিত হয় এই বিস্ফোৰণ।
বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে সমগ্ৰ কাৰখানাটো ভাঙি পৰিল। স্থানীয় সূত্ৰৰ মতে, হাৰিয়ানা সীমান্তৰ সমীপত অৱস্থিত এই আতচবাজী কাৰখানাটোৱে আতচবাজী উৎপাদন আৰু পেকেজিং কৰে।
তাত কাম কৰিবলৈ অহা শ্ৰমিকসকলৰ অধিকাংশই আছিল প্ৰব্ৰজিত শ্ৰমিক।
দুৰ্ঘটনাৰ খবৰ পাইয়ে অগ্নিনিৰ্বাপক বাহিনীয়ে দ্ৰুততাৰে ঘটনাস্থলীত উপস্থিত হয়। লম্বিৰ ডিএছপি জছপাল সিঙে জানিবলৈ দিয়া মতে, জুই নিৰ্বাপনৰ উপৰিও ধ্বংসাৱশেষৰ পৰা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ইয়াৰ উপৰিও ২৯ জন আহত লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।
সম্প্ৰতি তেওঁলোক মুক্তসাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।
কিহৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।