Illegal Liquor Seized :
অসম- পশ্চিমবংগ সীমান্তৱৰ্তী বক্সিৰহাটত জব্দ বিলাতী সুৰা ভৰ্তি ট্ৰাক | যোৱা নিশা আঠ বজাত গোপন খবৰৰ ভিত্তিত বক্সিৰহাট আৰক্ষীয়ে অসমৰ পৰা পশ্চিমবংগত প্ৰৱেশ কৰাৰ সময়তে জোৰাই মড়ত থকা নাকা চেকপইণ্টত এমপি ০৯ডি ৱাই ৮১৬৯ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। ট্ৰাক খনত বিশেষকৈ বনোৱা চেম্বাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা লুকুৱাই নিয়া হৈছিল।
পূৰ্বৰ পৰাই পশ্চিমবংগ আৰক্ষীয়ে এই তথ্য লাভ কৰিছিল। সেই অনুসৰি, বক্সিৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সীমান্ত অঞ্চলত খাপপিটি আছিল। ট্ৰাক খন অসমৰ পৰা পশ্চিমবংগত প্ৰৱেশৰ লগে লগে আৰক্ষীয়ে চালক, হেণ্ডিমেন সহ ট্ৰাক খন জব্দ কৰি থানা লৈ নিয়ে। থানাত তালাচী চলোৱাত গোপন চেম্বাৰৰ পৰা কেইবা লাখ টকাৰ বিলাতী সুৰা জব্দ কৰে।
