দেশত পুনৰ ক’ভিডৰ আতংক ! দেশত সক্রিয় ৰোগীৰ সংখ্যা তিনি হেজাৰ, বৃদ্ধি পাইছে মৃত্যুও

COVID 19

Covid cases: দেশত পুনৰ কৰ’নাৰ প্ৰকোপ। বৰ্তমান দেশত সক্ৰিয় ক’ৰনা ৰোগীৰ সংখ্যা প্ৰায় তিনি হেজাৰ। কেৰেলা, মহাৰাষ্ট্ৰ আৰু দিল্লী। তিনিওখন ৰাজ্যতে দ্ৰুতগতিত বৃদ্ধি পাইছে সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা।

চৰকাৰী পৰিসংখ্যা অনুসৰি দেশত বৰ্তমান সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ২,৭১০ জন। বিগত ২৬ মে’ত এই সংখ্যা আছিল ১০১০ জন। অৰ্থাৎ পাঁচ দিনত প্ৰায় ১৭০০ লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

চৰকাৰী তথ্য অনুসৰি কেৰালাত বৰ্তমান সক্ৰিয় কৰ’না আক্ৰান্তৰ সংখ্যা ১,১১৪ জন।

মহাৰাষ্ট্ৰত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ৪২৪ জন।দিল্লীত ২৯৪ জন আৰু গুজৰাটত ২২৩ জন সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা।

একাংশ বিশেষজ্ঞৰ মতে কৰ’না ভাইৰাছে পুনৰ আতংক বিয়পিলেও পূৰ্বৰ তুলনাত এই ভাইৰাছে ইয়াৰ মাৰাত্মক শক্তি হেৰুৱাই পেলাইছে।

যদিও পৰিসংখ্যাই দেখুৱাইছে যে এই নতুন ষ্ট্ৰেইনত ৰোগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট চিন্তনীয়। ভাৰতত বিগত এমাহত কৰ’নাত আক্ৰান্ত হৈ সাতজন লোকৰ মৃত্যু হৈছে।

দেশত যি হাৰত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেই সময়ত চিকিৎসা সমাজৰ একাংশৰ আশংকা ,পুৰণা ক’ভিডবিধি ঘূৰিব পাৰে!

জনবহুল স্থানত মাস্ক ব্যৱহাৰ কৰাৰ উপৰিও বৃদ্ধ আৰু দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব।

কিন্তু প্ৰশাসনে বাৰে বাৰে উল্লেখ কৰি আহিছে যে ক’ৰনাৰ নতুন ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু।

সতৰ্ক হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।

Exit mobile version