Reserve Bank of India:দেশত ক’লা ধন আৰু ভ্ৰষ্টাচাৰ নিয়ন্ত্ৰণৰ বাবে ২০১৬ বর্ষত কেন্দ্ৰৰ চৰকাৰে বিমুদ্ৰাকৰণ বা নোট বাতিলকৰণৰ চাঞ্চল্যৰ সিদ্ধান্ত লৈছিল। আকৌ এবাৰ দেশত ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ প্রসংগ চর্চিত হৈছে।
এইবাৰ অন্ধ্র প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুয়ে ভাৰতৰ বিত্তীয় পাৰদৰ্শিতা বৃদ্ধি আৰু ভ্ৰষ্টাচাৰমুক্ত ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰক ৫০০ টকা আৰু ততোধিক উচ্চ মূল্যৰ নোটৰ প্ৰচলন বন্ধ কৰিবলৈ পৰামৰ্শ দিলে।
মুখ্যমন্ত্ৰীজনৰ মতে, উচ্চ মূল্যৰ নোট প্রত্যাহাৰ কৰি দেশক সম্পূৰ্ণৰূপে ডিজিটেল লেনদেনৰ ব্যৱস্থালৈ নিব পাৰি আৰু এনে পদ্ধতিৰে কেৱল ভ্ৰষ্টাচাৰ নিয়ন্ত্ৰণ কৰাই নহয়, বৰঞ্চ দেশৰ আৰ্থিক ব্যৱস্থাও অধিক পাৰদৰ্শী হ’ব।
তেলুগু দেশম পাৰ্টিৰ তিনিদিনীয়া বার্ষিক অধিবেশনত অংশ লৈ নাইডুয়ে চৰকাৰক উচ্চ মূল্যৰ সকলো নোটৰ প্ৰচলন বন্ধ কৰি ডিজিটেল লেনদেন ব্যৱস্থা অধিক ব্যাপক কৰিবলৈ আহ্বান জনালে।
নাইডুৰ মতে, ডিজিটেল বিত্তীয় লেনদেন ব্যাপক হ’লে বিত্তীয় পৰিচালনা ব্যৱস্থা স্বচ্ছ আৰু দুর্নীতিমুক্ত হ’ব। ক’লা ধন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এই ব্যৱস্থা নগদ ধন ব্যৱস্থাৰ তুলনাত অধিক পাৰদৰ্শী হ’ব বুলি অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিলে।