Valmik Thapar: ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মিক থাপাৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। শনিবাৰে পুৱা নিজ গৃহতে শেষ নিশ্বাস ত্যাগ কৰে ‘টাইগাৰ মেন’ তথা বাল্মিক থাপাৰে।
ভাৰতত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ নেতৃত্ব দিছিল। চাৰি দশকৰো অধিক সময় ধৰি তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিজকে উৎসৰ্গা কৰিছিল।
১৯৮৮ চনত ৰণথম্ভৰ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰা হৈছিল।যিটোৰ সহ-প্ৰতিষ্ঠাপক আছিল বাল্মিক। এই বেচৰকাৰী সংস্থাটোৱে সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ কাম কৰে। চোৰাং চিকাৰ বিৰোধী আইন সন্দৰ্ভত বহুবাৰ সৰৱ হৈছিল বাল্মিক।
তেওঁ বাঘৰ প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ পোষকতাও কৰিছিল। থাপাৰে বাঘ আৰু অন্যান্য বন্যপ্ৰাণীক স্থানীয় অঞ্চলৰ পৰা নিৰাপদে আঁতৰাই ৰাখিবলৈ বাৰে বাৰে দাবী জনাই আহিছে। বন্যপ্ৰাণী আৰু সংৰক্ষণৰ ওপৰতো তেওঁ দুডজনৰো অধিক গ্ৰন্থ লিখিছে।ইয়াৰ ওপৰিও কেবাখনো গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী তথ্যচিত্ৰ উপস্থাপন কৰে।
‘টাইগাৰ মেন’ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে। তেওঁ কয়, “বাল্মিক থাপাৰ বাঘ সংৰক্ষণৰ জগতখনৰ এজন কিংবদন্তি ব্যক্তি আছিল। তেওঁৰ মৃত্যু এক বৃহৎ ক্ষতি।”