Tamil Nadu: ৰেষ্টুৰেণ্টৰ পৰা অনা বিৰিয়ানী ‘খাই’ মৃত্যু হ’ল এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। শুকুৰবাৰে তামিলনাডুৰ কইম্বাটুৰৰ শ্ৰৱণমপট্টিত সংঘটিত হয় এই ঘটনা। ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনৰ নাম এছ সঞ্জীৱ (৮)। বৃহস্পতিবাৰে নিশা ছাত্ৰজনৰ পিতৃ-মাতৃয়ে অঞ্চলটোৰ এখন ৰেষ্টুৰেণ্টৰ পৰা বিৰিয়ানী লৈ আহিছিল।
আৰু ৰাতি সকলোৱে একেলগে মিলি সেই বিৰিয়ানী খায়। বৃহস্পতিবাৰে মাজনিশালৈকে পৰিয়ালৰ সদস্যৰ স’তে খেলিছিল ছাত্ৰজনে। ইয়াৰ পাছত সকলোৱে শুই যায়।
শুকুৰবাৰে পুৱা আঠবজাত পুত্ৰক টোপনিৰ পৰা জগাই তুলিবলৈ চেষ্টা কৰিছিল পিতৃ সত্যপ্ৰভুৱে। কিন্তু তেওঁ কোনো সঁহাৰি পোৱা নাছিল।
লগে লগে পুত্ৰক চিকিৎসালয়লৈ যায় সত্যপ্ৰভুৱে। স্থানীয় চিকিৎসালয়ত পৰীক্ষা কৰাৰ পাছত চিকিৎসকে তেওঁক কইম্বাটুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে।
কিন্তু তালৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।আৰক্ষীয়ে জনোৱা মতে, শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
সেই প্ৰতিবেদন আহিলেই মৃত্যুৰ কাৰণ স্পষ্ট হৈ পৰিব। অৱশ্যে পিতৃ-মাতৃয়ে অভিযোগ কৰে যে তেওঁলোকৰ সন্তানৰ মৃত্যু হৈছে বিৰিয়ানী খাই।
অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰেষ্টুৰেণ্টৰ মালিকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। বিৰিয়ানী খোৱাৰ বাবেই মৃত্যু হৈছে নে আন কাৰণ আছিল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।






























