Illegal Bangladeshi:
পুনৰ ভাৰতলৈ উভতি আহিল বিএছএফে পুচ্চ বেক কৰা ৬৫ গৰাকী সন্দেহযুক্ত নাগৰিক ৷ বাংলাদেশী নিৰাপত্তাৰক্ষীয়ে উভতাই পঠিয়াই ভাৰতে এৰি অহা সন্দেহযুক্ত নাগৰিক কেইজনক ৷ যোৱা নিশা ভাৰতলৈ উভতাই পঠিওৱা হয় ভাৰতে ন’ মেন জন’ত এৰি অহা সন্দেহযুক্ত নাগৰিক কেইজনক ৷ বিজিবিয়ে বিএছএফৰ হাতত গতাই দিয়ে ৬৫ গৰাকী সন্দেহযুক্ত নাগৰিকক ৷
উল্লেখ্য যে শুকুৰবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ ‘পুছবেক’ কৰা সন্দৰ্ভতো সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কয়,সম্পূর্ণ নীতি-নিয়মৰ মাজেৰে এই কাম কৰা হৈছে। আগন্তুক দিনতো অধিক সংখ্যক লোকক এনেদৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব।
মুখ্যমন্ত্রীয়ে কয় যে ‘পুছবেক’ কৰা সকলোৱেই আইন অনুসৰি বাংলাদেশী নাগৰিক। আনহাতে, ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্র দিব বুলি সিদ্ধান্ত কৰিছে। ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। এনে বিতর্কক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধানে দিয়া অধিকাৰৰ ভিত্তিত চৰকাৰে ভাবি-চিন্তি এই সিদ্ধান্ত গ্রহণ কৰিছে।
