জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

IMG 20250601 161636

Germany:জাৰ্মানীৰ হেমবাৰ্গ চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড। চিকিৎসালয়ৰ চাৰিওফালে বিয়পি পৰিছে ধোৱা । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ কৰা হয় ৰোগীক। এই অগ্নিকাণ্ডত তিনিজন ৰোগীৰ মৃত্যু হোৱাৰ লগতে ৫০ জন লোক আহত হয়।অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়খনে কোনো কথা ঘোষণা কৰা নাই ।

শনিবাৰে মাজ নিশা প্ৰায় দুই বজাত আৰম্ভ হয় এই ঘটনা। হঠাৎ নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়খনৰ এটা অংশৰ পৰা ধোঁৱা ওলাই থকা দেখিলে। বিষয়টো শীঘ্ৰে কৰ্তৃপক্ষক খবৰ দিয়া হয় আৰু অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়।

এটা এটাকৈ ১০টা ইঞ্জিন ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পাছতে উদ্ধাৰকাৰী দলে ৰোগীক নিৰাপদ স্থানলৈ লৈ যায়। কিন্তু তাৰ আগতে প্ৰচণ্ড ধোঁৱাত উশাহ লোৱাত কষ্ট হৈ তিনিজন ৰোগীৰ মৃত্যু হয়।

অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ আঁৰত শ্বট চাৰ্কিট নে অন্য কিবা সেইয়া এতিয়াও স্পষ্ট হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি,প্ৰায় তিনি ঘণ্টাৰ চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় জুই।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই কয়, “জুইৰ তীব্ৰতা অতি বেছি আছিল। প্ৰায় তিনি ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত ইয়াক নিয়ন্ত্ৰণলৈ অনা হয়। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমান তেওঁলোক তাত চিকিৎসাধীন হৈ আছে।এই ঘটনাত তিনি জন লোকৰ মৃত্যু হয়। কিন্তু কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত অব্যাহত আছে ।”

Exit mobile version