লক্ষ্ণৌত ‘এনকাউণ্টাৰ’! শিশু ধৰ্ষণৰ অভিযুক্তক এনকাউণ্টাৰ উপ-পৰিদৰ্শকৰ

1748752103 women police

Encounter: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ধৰ্ষণৰ অভিযুক্তৰ ‘এনকাউন্টাৰ’ আৰক্ষীৰ। দীৰ্ঘদিন ধৰি আৰক্ষীয়ে বিচাৰি আছিল অভিযুক্তক। শনিবাৰে আৰক্ষীয়ে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰে, লক্ষ্ণৌৰ মাদেগঞ্জত আশ্ৰয় লৈছে অভিযুক্তই।

সেই খবৰ পোৱাৰ লগে লগে উপ-পৰিদৰ্শক ছাকিনা খানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ যায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযানৰ খবৰ পোৱাৰ লগে লগে অভিযুক্ত যুৱকজনে পলায়নৰ চেষ্টা কৰে। কিন্তু তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে দাবী, অভিযুক্তৰ হাতত আছিল আগ্নেয়াস্ত্ৰ। তেওঁ আৰক্ষীক লক্ষ্য কৰি তেওঁ গুলীচালনা কৰিবলৈ ধৰে । ওলোটাই আৰক্ষীয়েও গুলীচালনা কৰে।

অভিযুক্তক আত্মসমৰ্পণ কৰিবলৈ কোৱা হয় । কিন্তু তেনে কৰাৰ পৰিৱৰ্তে অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰে। বিনিময়ত আৰক্ষীয়েও গুলীচালনা কৰে। সেই সংঘৰ্ষত গুলীবিদ্ধ হয় অভিযুক্ত।

তাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।

উপ-আৰক্ষী আয়ুক্তই এই ‘এনকাউণ্টাৰ’ নিশ্চিত কৰে। তেওঁ কয় যে মহিলা উপ-পৰিদৰ্শক ছাকিনা খানে গোচৰটোৰ তদন্ত কৰিছে।

বিগত ২৪ মে’ত মাদেগঞ্জত এগৰাকী শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল এইজন যুৱক।

Exit mobile version