train accident:২৪ ঘন্টাৰ ভিতৰত ৰাছিয়াত একেৰাহে দুটা ৰেল দুৰ্ঘটনা। শনিবাৰে নিশা এখন যাত্ৰীবাহী ৰে’ল ৰেলপথৰ পৰা লাইনচ্যুত হৈ কমেও সাত জন লোকৰ মৃত্যু হয়।
আহত আৰু ৩০ জন লোক। এই দুৰ্ঘটনাৰ আঁৰত কোনো তৃতীয় পক্ষ থাকিব পাৰে বুলি আশংকা কৰা হৈছে।
এই ঘটনাৰ কিছু সময়ৰ পাছতে ৰাছিয়াত আন এক দুৰ্ঘটনা সংঘটিত হয়। মালবাহী ৰে’লৰ লগতে ভাঙি পৰে দলংখন।
ৰাছিয়াৰ চোৰাংচোৱা সংস্থাসমূহে একেৰাহে দুটা দুৰ্ঘটনাৰ আঁৰত ইউক্ৰেইন আছে নেকি সেই বিষয়ে তদন্ত কৰি আছে।
