COVID-19 in India: দেশত নতুনকৈ দেখিবলৈ পোৱা গৈছে কৰ’না ভাইৰাছ। নতুনকৈ হোৱা এই ক’ভিডৰ প্ৰাদুৰ্ভাৱে ৩০০০ৰ সীমা অতিক্ৰম কৰিছে। পুনৰ গৃহবন্দী হোৱাৰ চিন্তাই উদ্বেগ সৃষ্টি কৰিছে।
উল্লেখ্য যে ,যোৱা কিছুদিনৰ পৰা দেশৰ আন সকলো ৰাজ্যতে কৰ’না সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে ছিকিমত আক্ৰান্তৰ সংখ্যা এতিয়াও শূন্য। (COVID-19 in India)
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰিসংখ্যাই এই ছবিখনেই দাঙি ধৰিছে।শনিবাৰলৈকে ভাৰতত সক্ৰিয় কৰ’না আক্ৰান্তৰ সংখ্যা আছিল ৩,৩৯৫ জন। কিন্তু ২২ মে’ পৰ্যন্ত দেশত সক্ৰিয় সংক্ৰমণৰ সংখ্যা আছিল ২৫৭ জন।অৰ্থাৎ সংক্ৰমণৰ সংখ্যা প্ৰায় ১২০০ শতাংশ বৃদ্ধি পাইছে।
কেৱল সেয়াই নহয়, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৬৮৫ জন লোক আক্ৰান্ত হৈছে। চাৰি জন লোকৰ মৃত্যু হৈছে। (Novel Coronavirus)
বৰ্তমান দেশৰ প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে। কেৰালাত ১৩৩৬ জন, মহাৰাষ্ট্ৰত ৪৬৭ জন, দিল্লীত ৩৭৫ জন, গুজৰাটত ২৬৫ জন, কৰ্ণাটকত ২৩৪ জন, পশ্চিম বংগত ২০৫ জন, তামিলনাডুত ১৮৫ জন, উত্তৰ প্ৰদেশত ১১৭ জন আক্ৰান্তৰ সংখ্যা।আনকি পুডুচেৰীতো ৪১ জন আক্ৰান্ত লোক পোৱা গৈছে।
হাৰিয়ানাত আক্ৰান্ত লোকৰ সংখ্যা ২৬ জন।এই সকলোবোৰৰ মাজতো ছিকিমত আক্ৰান্ত লোকৰ সংখ্যা এতিয়াও শূন্য।
ছিকিমত এতিয়ালৈকে এজনো আক্ৰান্ত ব্যক্তি পোৱা নগ’ল, যি চিকিৎসকসকলে যথেষ্ট উৎসাহজনক বুলি মন কৰিছে। ২০২৫ চনত এই পৰ্যন্ত ভাৰতত ২৬ জন কৰ’না ৰোগীৰ মৃত্যু হৈছে।
নতুন কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ক’ভিড-১৯ৰ উপ-ভেৰিয়েণ্ট LF.7 আৰু NB.1.8.1ক জগৰীয়া কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যদিও সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে, বৰ্তমান চিকিৎসকৰ মতে এই দুবিধ প্ৰজাতিৰ আক্ৰমণ ইমান বিপজ্জনক নহয়।
কিন্তু কোমৰবিডিটি হ’লে পৰিস্থিতি ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। তথ্য অনুসৰি,বৰ্তমান বজাৰত উপলব্ধ ভেকচিনে এই নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিব পাৰে। অৱশ্যে এই দুটা নতুন প্ৰজাতিৰ ওপৰত গৱেষণা চলি আছে।
বৰ্তমান যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোকৰ লক্ষণ সাধাৰণ ফ্লুৰ দৰেই। জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ বিষ, ভাগৰুৱা হোৱা দেখা যায়। সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ৰাজ্যৰ চৰকাৰে চিকিৎসালয় প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
পৰ্যাপ্ত বিচনা, অক্সিজেন, টেষ্টিং কিট আৰু ভেকচিন উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। কোমৰবিডিটি থকাসকলক মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। মানুহক ভিৰৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।