Youth arrested with air gun:
মহানগৰীৰ ছয়মাইল আৰু বেলতলাৰ পদপথৰ একাংশ ক্ষুদ্ৰ দোকানীক ভয়-ভাবুকিৰে একাংশ যুৱকে গুণ্ডা টেক্স সংগ্ৰহ কৰি অহাৰ বিষয়ে সময়ে সময়ে অভিযোগ উদ্থাপন হৈ আহিছে যদিও এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক ৷
এনে ধাৰাবাহিক গুণ্ডাটেক্সৰ বিৰুদ্ধে অতিষ্ঠ হৈ সোমবাৰে ছয়মাইলৰ পদপথৰ একাংশ দোকানীয়ে আৰক্ষীৰ কাষ চাপে ৷ তেওঁলোকে উদ্থাপন কৰা অভিযোগ অনুসৰি শেহতীয়াকৈ এজন যুৱকে হাতত পিষ্টল লৈ তেওঁলোকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰি আহিছে ৷ আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত সংশ্লিষ্ট যুৱকজনক ছয়মাইলৰে পৰা এয়াৰ গানসহ আটক কৰে ৷ আটকাধীন যুৱকজনৰ নাম চন্দনজ্যোতি চেতিয়া বুলি জানিব পৰা গৈছে ৷
