অপাৰেচন সিন্দূৰৰ সময়ত সেনাৰ গতিবিধিৰ তথ্য সৰবৰাহৰ ! 

পঞ্জাৱত গ্রেপ্তাৰ আন এজন পাকচৰ 

arrest cover 1

Pak spy:অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতীয় সেনাৰ গতিবিধিৰ তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইলৈ ফাদিল কৰাৰ অভিযোগত পঞ্জাৱত গ্ৰেপ্তাৰ এজন লোক।

খলিস্তানী উগ্ৰপন্থী সংগঠনৰ নেতা গোপাল সিং চাওলাৰ স’তে প্ৰত্যক্ষ অভিযুক্তৰ যোগাযোগ থকাৰ লগতে বিগত পাঁচ বছৰ ধৰি খালিস্তানী উগ্ৰপন্থী নেতাজনৰ সংস্পৰ্শত আছিল বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিয়ে।মঙলবাৰে পোহৰলৈ আহে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ খবৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত গগনদীপ সিঙে ভাৰতীয় সেনাৰ গতিবিধি সম্পৰ্কীয় কেবাটাও তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থালৈ সৰবৰাহ কৰিছিল।

আনকি অপাৰেচন সিন্দূৰৰ সময়তো অভিযুক্তই সেনাৰ কেবাটাও গোপন তথ্য সৰবৰাহ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ পৰা এটা মোবাইল ফোন জব্দ কৰা হৈছে। সেই ফোনত প্ৰায় ২০ জন আই এছ আই এজেণ্টৰ নম্বৰ পোৱা গৈছে।

ধৃত ব্যক্তিজন আৰু কাৰ সংস্পৰ্শত আছিল সেই বিষয়টোৰ তদন্ত অব্যাহত আছে।

আৰক্ষীয়ে জনোৱা মতে, খালিস্তানী উগ্ৰপন্থী নেতা গোপাল চাওলা বৰ্তমান পাকিস্তানত আছে। আগতে তেওঁ তাৰ পৰাই চোৰাংচোৱা নেটৱৰ্ক চলাইছিল।

অপাৰেচন সিন্দূৰৰ সময়ত তেওঁ এই চোৰাংচোৱাসকলৰ পৰা কেবাটাও তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইলৈ চোৰাংভাৱে লৈ গৈছে।

Exit mobile version