Maharashtra:অপাৰেচন সিন্দূৰৰ পাছত শিশুৰ মাজত দেশপ্ৰেম জগাই তোলাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ।
ৰাজ্যখনৰ বিদ্যালয় শিক্ষামন্ত্ৰী দাদা ভূছে ঘোষণা কৰে যে ৰাজ্যৰ বিদ্যালয়সমূহত দেশপ্ৰেম, অনুশাসন আৰু শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তুলিবলৈ প্ৰথম শ্ৰেণীৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত সেনা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
দেশৰ প্ৰথমখন ৰাজ্য হিচাপে মহাৰাষ্ট্ৰ চৰকাৰৰ এই পদক্ষেপৰ কথা তুলি ধৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, “আমি ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো যাতে তেওঁলোকৰ মাজত দেশপ্ৰেম জগাই তুলি তেওঁলোকৰ মাজত অনুশাসন জগাই তোলা হয়।এই নিয়ম কাৰ্যকৰী হ’লে শিশুৰ ভৱিষ্যত উজ্জ্বল হ’ব, লগতে তেওঁলোকৰ পঢ়া-শুনাও।”
এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ দিশত ইতিমধ্যে চৰকাৰে কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
শিৱসেনাৰ নেতা তথা মন্ত্ৰী দাদা ভূছে কয় যে মৌলিক সামৰিক প্ৰশিক্ষণত যাতে কোনো অভাৱ নহয় তাৰ বাবে চৰকাৰে বিদ্যালয়ত ২.৫ লাখ প্ৰাক্তন সৈনিকৰ লগতে ক্ৰীড়া শিক্ষক, এন চি চি, স্কাউট নিযুক্তি দিব।
এই প্রস্তাৱ ইতিমধ্যে মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবিছৰ ওচৰত দাখিল কৰা হৈছে বুলি শিক্ষামন্ত্রীগৰাকীয়ে কয়৷ দাবী কৰা হৈছে এই প্ৰকল্পক লৈ মুখ্যমন্ত্ৰী অতি উৎসাহী ।
লগতে ৰাজ্যৰ বিদ্যালয়সমূহত অতি সোনকালে বাধ্যতামূলক সামৰিক প্ৰশিক্ষণৰ প্ৰৱৰ্তন হোৱাটোও তেওঁ বিচাৰে।
