Opposition Parties: এইবাৰ দেশৰ ১৬টা বিৰোধী দলে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছে। সংসদৰ বিশেষ অধিৱেশনৰ দাবী। সেই অধিৱেশনত যাতে মুকলি আলোচনা হ’ব পাৰে তাৰ বাবে বিৰোধীয়ে অনুৰোধ জনাইছে। তেওঁলোকে কি আলোচনা কৰিব বিচাৰে সেই বিষয়েও চিঠিখনত উল্লেখ আছে।
অৱশ্যে এই ১৬টা বিৰোধী দলৰ তালিকাত নাই অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি! তৃণমূল ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইনে কয় যে এই সন্দৰ্ভত বুধবাৰে আপে প্ৰধানমন্ত্ৰীলৈ সুকীয়াকৈ পত্ৰ লিখিব।
পহলগাম কাণ্ড আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ই সমগ্ৰ দেশতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্ততো আলোড়নৰ সৃষ্টি কৰিছে। বিৰোধীয়ে আৰম্ভণিৰে পৰাই পহলগামৰ পাছৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ সংসদত বিশেষ অধিৱেশনৰ দাবী উত্থাপন কৰি আহিছে।
কেতিয়াবা যদি কংগ্ৰেছ, কেতিয়াবা তৃণমূল, কেতিয়াবা চিপিএম-ই পৃথকে পৃথকে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে ।
দাবী, পহলগামত বিগত ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী কাৰ্যকলাপৰ সন্দৰ্ভত সংসদত বিতং আলোচনাৰ ।
এইবাৰ বিৰোধী দলসমূহে যৌথভাৱে চিঠি দিলে মোডীক । চিঠিখনত কি উল্লেখ আছে সেই বিষয়ে ডেৰেকে বাখ্যা কৰে ।
তেওঁ কয়,পুঞ্চ, উৰি, ৰাজৌৰীৰ ওপৰত মুকলি আলোচনা বিচাৰে। ডেৰেকৰ কথাত, “চৰকাৰ সংসদৰ ওচৰত জবাবদিহি। সংসদ জনসাধাৰণৰ ওচৰত জবাবদিহি। সেইবাবেই আমি সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাইছো।”






























