এতিয়াৰে পৰা জানিব পাৰিব ‘ৰিয়েল টাইম’ ভোটদানৰ হাৰ !

ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ নতুন পদ্ধতি

images 3

Election Commission of India:ভোটাৰ তালিকাত ভুৱা ভোটাৰক লৈ বিতৰ্কৰ কোনো অন্ত নাই। নিৰ্বাচনৰ পূৰ্বে আৰু পাছত বহু অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ ভিতৰতে ভোটদানৰ হাৰক লৈও বিতৰ্ক।

ADVERTISEMENT

এইবাৰ সেই সকলো সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে । এতিয়াৰে নিৰ্বাচনৰ সময়ত জানিব পৰিল ‘ৰিয়েল টাইম’ ভোটদানৰ হাৰ ।

এটা এপৰ সহায়ত এই সমগ্ৰ প্ৰক্ৰিয়াটো কৰা হ’ব। যাৰ নিয়ন্ত্ৰণ প্ৰিজাইডিং অফিচাৰৰ হাতত থাকিব। সেই পদ্ধতিটো কি?

নিৰ্বাচন আয়োগে জনাইছে, পদ্ধতিটোক ভোটাৰ টাৰ্ণআউট ৰেচিঅ’ বা ভিটিআৰ বুলি কোৱা হৈছে । ইচিনেট এপৰ সহায়ত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াসকলে ভোটদানৰ দিনটোত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ভোটদানৰ তথ্য আপলোড কৰিব।

নিৰ্বাচন আয়োগে এক বিবৃতিত জনাইছে, “এই নতুন প্ৰক্ৰিয়াত প্ৰতিটো ভোটকেন্দ্ৰৰ প্ৰিজাইডিং অফিচাৰে ভোটদানৰ দিনত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে পোনপটীয়াকৈ নতুন ইচিনেট (ECINET) এপত ভোটাৰৰ ভোটদান আপলোড কৰিব। যাতে ভোটদানৰ হাৰ আপডেট কৰাৰ সময়সীমা হ্ৰাস পাই।”

যদিও এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ চৰ্চা চলি থকাৰ পিছতো পুৰণি ব্যৱস্থা অৰ্থাৎ ভোটগ্ৰহণ এজেণ্টৰ বাবে প্ৰ-পত্ৰ ১৭চি পূৰণৰ নিয়মৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।

মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা নিৰ্বাচনৰ পাছত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে ভোটদানৰ হাৰ সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে কেবাটাও অভিযোগ উত্থাপন কৰে।

ভুৱা ভোটাৰক লৈ তৃণমূলে নিৰ্বাচন আয়োগক অভিযোগ জনাইছিল। ইফালে আগন্তুক কেবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন ।

Exit mobile version