Deepika Padukone:দৈনিক আঠ ঘণ্টাতকৈ অধিক সময় কৰ্মৰত হ’ব নোৱাৰিব বুলি চৰ্ত আৰোপ কৰাৰ কাৰণত অভিনেত্রী দীপিকা পাডুকনক পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই তেওঁৰ ছবি ‘স্পিৰিট’ৰ পৰা বাদ দিয়া ঘটনাক লৈ বলিউডত ব্যাপক প্রতিক্রিয়া অব্যাহত আছে।
পৰিচালক ভাংগাই ‘স্পিৰিট’ত অভিনয়ৰ বাবে দীপিকাক প্ৰস্তাৱ দিছিল।অভিনেত্ৰীগৰাকীয়ে এই প্ৰস্তাৱ স্বীকাৰ কৰিলেও দৈনিক আঠ ঘণ্টাতকৈ অধিক সময় শুটিঙত অংশ ল’ব নোৱাৰিব বুলি চৰ্ত আৰোপ কৰিছিল।
দীপিকাৰ এই চৰ্তত ক্ষুব্ধ ভাংগাই তেওঁক ‘স্পিৰিট’ৰ পৰা বাদ দিয়ে। অৱশ্যে বিগ বাজেটৰ দক্ষিণ ভাৰতীয় ছবিখনত অভিনয়ৰ পৰা বঞ্চিত হ’লেও কোনো আক্ষেপ নাই বুলি মন্তব্য কৰি সম্প্রতি এক সাক্ষাৎকাৰত দীপিকাই কয় যে কঠিন সময়ত তেওঁ নিজৰ মনৰ কথা সদায় শুনে আৰু কোনো সিদ্ধান্ত গ্রহণ কৰিলে সদায় অটল থাকে।
দৰাচলতে ‘এনিমেল’ খ্যাত পৰিচালক ভাংগাই সামাজিক মাধ্যমৰ জৰিয়তে দীপিকাক সমালোচনা কৰি অভিনেত্ৰীগৰাকীক অপেছাদাৰী বুলি অভিহিত কৰিছিল।
এই বিতৰ্কত দীপিকাৰ সমৰ্থনত থিয় দিলে বলিউডৰ কে’বাজনো তাৰকাই। চলচ্চিত্ৰ পৰিচালক মনিৰত্নম, অভিনেত্রী কাজল,অভিনেতা অজয় দেবগন, অভিনেতা ছইফ আলী খান আদিয়ে দীপিকালৈ সমর্থন আগবঢ়াই কয় যে চলচ্চিত্র উদ্যোগত নতুন মাতৃসকলৰ সমস্যাৰ কথা সৰহসংখ্যক লোকে বুজি নাপায়।