Drug addicts arrested in Hengerabari:মহানগৰীত ৰাইজে হাতেলোটে কৰায়ত্ত কৰিলে ৩ ড্রাগছ আসক্তক

এখন ই-ৰিক্সাত ড্ৰাগছ সেৱন কৰি থাকোতেই ধৃত ড্রাগছ আসক্তক

DRUGS

Drug addicts arrested in Hengerabari:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা৷ সময়ে সময়ে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আটক কৰি আহিছে যদিও কেতবোৰ অঞ্চলত সংগোপনে সৰবৰাহ হৈ আহিছে ড্ৰাগছৰ ৷

ADVERTISEMENT

ড্ৰাগছৰ প্ৰতি আসক্ত হৈ বহুলোকৰ ঘৰ অন্ধকাৰছন্ন হৈ পৰিছে ৷ এনেক্ষেত্ৰত ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ৰাইজে নিজেই আৰম্ভ কৰিবলগীয়া হৈছে অভিযোগ ৷ মঙলবাৰে নিশা ৰাইজৰ ৰোষত পৰে ৩ ড্ৰাগছ সেৱনকাৰী ৷

হেঙেৰাবাৰীৰ ব্ৰজনাথ শৰ্মা উপ-পথত এখন ই- ৰিক্সাত সেৱন কৰি থকা অৱস্থাতে ৰাইজে ড্ৰাগছসহ হাতে-লোটে কৰায়ত্ত কৰে তিনি ড্রাগছ আসক্তক ৷ ড্রাগছ সেৱনকাৰী কেইজনৰ পৰা উদ্ধাৰ হয় ড্ৰাগছসহ কন্টেইনাৰ, চিৰিঞ্জ আৰু নগদ ধন ৷

উল্লেখ্য যে তিনি ড্ৰাগছ আসক্তই বিগত সাতদিন ধৰি এখন ই- ৰিক্সাত ড্ৰাগছ সেৱন কৰি আহিছিল ৷ ৰাইজে সেৱনকাৰী তিনিজনক কৰায়ত্ত কৰিবলৈ যাওতে ৰাইজক মাৰিবলৈ খেদি আহি যদিও পিছত ৰাইজৰ হাতত কৰায়ত্ত হয় ৷ আনহাতে পিচত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে ড্ৰাগছ সেৱনকাৰী তিনিজনক।

Exit mobile version