জন্মদিনত ৰাম মন্দিৰত যোগী! অংশ ল’লে পূজা আৰু আৰতিত! শুভেচ্ছা মোদীৰ

IMG 20250605 210628

CM Yogi: আজি অযোধ্যাৰ মন্দিৰ চৌহদত বিভিন্ন দেৱতাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লয় যোগীয়ে। প্ৰথমে তেওঁ হনুমানগড়ী মন্দিৰলৈ যায়।তাতে তেওঁ হনুমান পূজাত অংশ লয়।

ইয়াৰ পাছত তেওঁ ৰামলালা মন্দিৰত পূজা-অৰ্চনা কৰে। মন্দিৰৰ প্ৰথম মহলাৰ ৰাম দৰবাৰত যজ্ঞ যজ্ঞতো তেওঁ অংশ গ্ৰহণ কৰে ।

যোগীয়ে মন্দিৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা আন কেবাটাও মন্দিৰ পৰিদৰ্শন কৰে।

আজিৰ দিনটোত উত্তৰ-পূব কোণত মন্দিৰত শিৱ, অগ্নি কোণত গণেশ, দক্ষিণৰ মাজত হনুমান, দক্ষিণ-পশ্চিম কোণত সূৰ্য্যক প্ৰতিষ্ঠা কৰা হয়।

লগতে উত্তৰ-পশ্চিম কোণত দেৱী ভাগৱতী আৰু উত্তৰৰ কেন্দ্ৰত দেৱী অন্নপূৰ্ণা। সকলো মূৰ্তি বগা মাৰ্বকৰে নিৰ্মিত।

বৈদিক ৰীতি-নীতি সম্পূৰ্ণৰূপে পালন কৰি সম্পন্ন কৰা হৈছিল। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

যোগীৰ ভ্ৰমণৰ সময়ত মন্দিৰ চৌহদত ভক্তৰ বিপুল ভিৰ দেখা গৈছিল। ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে ৰাইজে উল্লাস প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভক্তসকলক উষ্ণ আদৰণি জনাই ।

Exit mobile version