দেশত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ, বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা 

images 16 3

Covid 19 cases in India: ভাৰতৰ উদ্বেগজনক ক’ভিড পৰিস্থিতি। বিগত দুই দিনৰ ভিতৰত সংক্ৰমিত এহেজাৰগৰাকী বৃদ্ধি হৈ ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যাই ৫০০০ অতিক্ৰম কৰিলে।

ADVERTISEMENT

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৫৬৪ জন ক’ভিডত Covid 19 আক্ৰান্ত হৈছে।

কৰ’নাত মৃত্যু পাঁচমহীয়া শিশু

মৃত্যু হোৱা সাতজনৰ ভিতৰত তিনি জন মহাৰাষ্ট্ৰৰ। আনহাতে, দিল্লী আৰু কৰ্ণাটকৰ পৰা দুই জনকৈ লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা সাতজনৰ ভিতৰত ছয়জন বৃদ্ধ। তেওঁলোকৰ ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু নিউমোনিয়াৰ দৰে সহ-ৰোগ আছিল।

নিহতসকলৰ ভিতৰত এজন পাঁচমহীয়া ল’ৰা শিশু। তেওঁৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছিল। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত ৰাজ্য কেৰালা। তাৰ পাছত দিল্লী, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰ।

কৰ’না (Corona)পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশনা

ভাৰতত ক’ভিড Covid ৰোগীৰ নতুন উত্থানৰ কাৰণ হৈছে LF.7, XFG, JN.1 আৰু NB.1.8.1 sub-variantকে ধৰি নতুন ষ্ট্ৰেইন। বিগত ২২ মে’ত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৫৭ জন।আৰু ১৫ দিনত সেই সংখ্যা চাৰি হেজাৰৰ বৃদ্ধি পাইছে।

আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অক্সিজেন আৰু জীৱন ৰক্ষাকাৰী ঔষধকে ধৰি প্ৰয়োজনীয় চিকিৎসা সুবিধা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

ক’ভিড (Covid) প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিশেষজ্ঞৰ পৰা নিৰ্দেশনা

স্বাস্থ্য বিশেষজ্ঞসকলে ক’ভিড-১৯ আৰু অন্যান্য ভাইৰেল জ্বৰৰ মাজত পাৰ্থক্য কৰাৰ ওপৰত ওপৰত গুৰুত্ব আৰোপ কৰিছে। কাৰণ জ্বৰ আৰু ক্লান্তিৰ লক্ষণ দুয়োটা ক্ষেত্ৰতে একে।

ইয়াৰ সমান্তৰালকৈ ক’ভিড নিয়ন্ত্ৰণৰ বাবে মাস্ক পৰিধান কৰা, হাত ধোৱা, চেনিটাইজ কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদি ক’ভিড গাইডলাইন মানি চলাৰ নিৰ্দেশনাও দিয়া হৈছে।

Exit mobile version