Amarnath Yatra: অমৰনাথ যাত্ৰাৰ বাবে প্ৰতিবাৰেই কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। এইবাৰ পহলগাম আক্ৰমণ আৰু তাৰ পাছৰ ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত সেই নিৰাপত্তা কেবাগুণো বৃদ্ধি কৰা হৈছে।
তথ্য অনুসৰি, চলিত বৰ্ষৰ অমৰ যাত্ৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী আক্ৰমণ ৰোধৰ বাবে তিনিটা স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ নাম দিয়া হৈছে ‘অপাৰেচন শিৱ’। অভূতপূৰ্বভাৱে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে পথত ৫০ হেজাৰৰো অধিক জোৱান মোতায়েন কৰা হৈছে।
পহলগাম কাণ্ডৰ পাছত স্বাভাৱিকতে অমৰনাথ যাত্ৰাৰ সময়ত কেন্দ্ৰই নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেবাখনো বৈঠক অনুষ্ঠিত কৰিছে। ইয়াৰ পাছত ‘অপাৰেচন শিৱ’ৰ পৰিকল্পনা ৰচনা কৰা হ’ল।
তথ্য অনুসৰি,নিৰাপত্তাৰক্ষীয়ে অমৰনাথ যাত্ৰা পথৰ থ্ৰীডি মেপিং কৰিছে। সদায়ৰ দৰেই পথৰ কাষেৰে, বেছ কেম্পত আৰু স্পৰ্শকাতৰ অঞ্চলত সৈন্য নিয়োগ কৰা হয়।
তদুপৰি তীৰ্থযাত্ৰীসকলৰ অস্থায়ী আৱাসৰ সুবিধাসমূহতো সৈন্য মোতায়েন কৰা হৈছে।ড্ৰ’ন আৰু হেলিকপ্টাৰে আকাশমাৰ্গৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থাকিব।
চোৰাংচোৱাগিৰিৰ বাবে কাম কৰিব বডি স্ক্যানাৰ আৰু চিচিটিভি কেমেৰা।উল্লেখ্য যে, অহা তিনি জুলাইৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰা অহা ন আগষ্টলৈকে চলিব।