Environment Day Celebrations:
আজি ৰাজ্যজুৰি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আজিৰে পৰা পৰিৱেশ সচেতনতাৰ লক্ষ্য আগত ৰাখি হাতত লৈছে এক ব্যতিক্ৰমী কাৰ্যসূচী। সংগঠনটোৱে আজিৰে পৰা ৰাজ্যজুৰি দুই লাখ গছপুলি ৰূপায়নৰ পদক্ষেপ হাতত লৈছে।
এই উপলক্ষে ওদালগুৰি জিলা এবছুৰ কাৰ্যালয়ত এটি নিমগছৰ পুলি ৰোপন কৰি কাৰ্যসূচীটো উদ্বোধন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে। কাৰ্যসূচীটো সম্পন্ন কৰি প্ৰদান কৰা ভাষণত সভাপতিগৰাকীয়ে কয় যে, আজি বিশ্ব পৰিৱেশ দিৱস। আমি প্ৰতি বছৰে পৰিৱেশ দিৱসৰ দিনটোত বৃক্ষৰোপন কৰি আহিছো। আমি পৰিৱেশ সন্দৰ্ভত অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে। আমি দেখি আহিছো যে বছৰি পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈ আহিছে। যাৰ ফলত বিভিন্ন সময়ত জীৱকুলৰ জীৱন বিপদাপন্ন হৈ পৰা দেখা গৈছে। সেয়েহে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰে পৰা সমগ্ৰ ৰাজ্যতে দুই লাখ গছপুলি ৰোপনৰ পদক্ষেপ হাতত লৈছো।
আমাৰ সংগঠনৰ প্ৰতিটো আঞ্চলিক, শাখা, জিলা সমিতি তথা বিশ্ববিদ্যালয় মহাবিদ্যালয় গোটসমূহে ৰাইজৰ সহযোগত এই গছপুলিসমূহ ৰোপন কৰিব। আমি যোৱা ৩ জুনত অনুষ্ঠিত প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰি গছপুলি ৰোপনৰ সিন্ধান্ত গ্ৰহণ কৰিছিলো। সেই প্ৰস্তাৱ অনুসৰি কাৰ্যসূচী ৰূপায়ন কৰিম সংগঠনটোৱে। ইফালে গুৱাহাটী মহানগৰৰ উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ কটা সন্দৰ্ভত মন্তব্য কৰি সভাপতি দ্বিপেন বড়োৱে কয়, আমাক প্ৰকৃতিও লাগিব উন্নয়ণো লাগিব। কেৱল উন্নয়ণৰ নামত প্ৰাকৃতিক সম্পদসমূহ এফালৰ পৰা ধ্বংস কৰি গ’লে নহব।
ইয়াৰ ফলত আমাৰ জীৱসমূহে এটা সময়ত কিদৰে জীৱন জীয়াই থাকিব তাক লৈ সংগ্ৰাম কৰিব লাগিব। আমি সকলোৱে আমাৰ পৰিৱেশ ৰক্ষা কৰি চলিব লাগিব। এসময়ত গুৱাহাটী মহানগৰৰ সেইজীয়া পাহাৰসমূহ আজি নোহোৱা হৈ পৰিল। যাৰ ফলত বানপানীকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৈতে ৰাইজে মোকাবিলা কৰিবলগীয়া হৈছে। গতিকে চৰকাৰ বা বিভাগে গছসমূহ নকটাকৈ তাক ৰক্ষা কৰি কিদৰে নিৰ্মাণকাৰ্য চলাব পাৰে তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰক।” লগতে তেখেতে সকলোকে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়।
আজিৰ এই কাৰ্যসূচীত জিলা এবছুৰ সভাপতি কৰ্ণেলিয়াছ দৈমাৰী, সাধাৰণ সম্পাদক বাবুল বড়ো, এবছু নেতা আনন্দ দৈমাৰীৰ লগতে সংগঠনটোৰ বহু কেইগৰাকী কৰ্মী উপস্থিত থাকে।