Boko Incident:
চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন। ইয়াৰ মাজতে বকোৰ কেম্পৰ চৌধুৰীপাৰাৰ যুৱকক মেঘালয়ত চলাই লুটপাত,মাৰপিট আৰু প্ৰাণে মাৰাৰ ভাবুকি। মেঘালয়ৰ জোৱাইত টাটা ডিআইৰ পৰা পিষ্টল আৰু চোকা অস্ত্ৰ দেখুৱাই মাৰ ধৰ কৰি লুটি নিলে নগদ ধন।
এই ঘটনাত আহত হৈ চালক সহ যুৱক কৰণ দাস আৰু মনদ্বীপ দাস। নিজৰ জীৱন ৰক্ষা কৰি নিশা নিজ গাঁৱত উপস্থিত হৈ কৰণ দাস আৰু মনদ্বীপ দাস। যোৱা ৩ জুনত AS 01 QC 8567 নম্বৰৰ টাটা জিআই খনেনেৰে যোৰাবাটৰ পৰা মেচিনেৰি সামগ্ৰী কঢিয়াই শিলচৰ শ্ৰীকনাৰ নিৰ্মাণৰত গণপতি কোম্পানীলৈ গৈছিল। শিলচৰত সামগ্ৰী নমাই গুৱাহাটীলৈ ওভতাৰ পথত মেঘালয়ৰ জোৱাইত এখন এল্ট’ বাহনেৰে দুজন দুষ্কৃতিকাৰীয়ে বাট আগুচি পিষ্টল আৰু ডেগাৰ দেখুৱাই লুটিলে ১৫০০০ হাজাৰ কৈ টকা।
প্ৰথমে ৪৪০০ টকা কাঢ়ি লোৱাৰ পাছত মনদ্বীপৰ পৰা কাঢ়ি লয়। আনকি কৰণ দাসৰ পিতৃৰ পৰা স্কেনিং জৰিয়তে পুনৰ ৫০০০ হাজাৰ কৈ টকা লয়। উল্লেখ্য যে, BALAMLYNTI SIANGSHAI নামত থকা স্কেনিঙত ৫০০০টকা ফোনপে কৰে কৰণ দাসৰ পিতৃ অজয় দাসে।একেদৰে পুনৰ প্ৰায় তিনি কিলোমিটাৰ অহাৰ পথত দ্বিতীয়বাৰ আন এখন এল্ট’ বাহনত তিনিজন দুষ্কৃতিকাৰীয়ে হাতত বন্দুক আৰু ডেগাৰ লৈ আগুৰি ধৰে কৰণ দাসৰ বাহনখন।
দুষ্কৃতিকাৰী দলটোৱে দুইজন যুৱকক মুৰত বন্দুক লগাই প্ৰাণে মৰাৰ ভাবুকি দি প্ৰায় পোন্ধৰ কিলোমিটাৰ পাহাৰীয়া পথেৰে লৈ যায়। দুষ্কৃতিকাৰীৰ লক্ষ্য আছিল দুই যুৱকৰ ম’বাইল,হাতত থকা নগদ ধন আৰু টাটা ডিআইখন লৈ উধাও হোৱাৰ। সৌভাগ্যক্ৰমে বাহন আৰু ম’বাইলত জিপিএছ থকাত দুষ্কৃতিকাৰীৰ দলটোৱে কৰণ দাসৰ পৰা নগদ ছয় হাজাৰ টকা লৈ উধাও হয়। মূলত: বাহনখনত জিপিএছ থকাৰ বাবে দুজনৰে জীৱন ৰক্ষা পৰাৰ লগতে বাহনখন নিব নোৱাৰিলে।