Haridwar Incident:এগৰাকী বিজেপি নেত্ৰীৰ জঘন্য কাণ্ড !

পবিত্ৰ নগৰী হৰিদ্বাৰত সংঘটিত ঘৃণনীয় ঘটনা

bjp 2

Haridwar Incident:

নিজ জন্মদাত্ৰী মাতৃ কিমান জঘন্য হ’ব পাৰে ৷ এগৰাকী বিজেপিৰ মহিলা নেত্ৰীৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷ এই জঘন্য ঘটনা সংঘটিত হয় হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ পবিত্ৰ নগৰী হিচাপে পৰিচিত হৰিদ্বাৰত

পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকাৰ বন্ধুৰে কন্যাক দলবব্ধ অপকৰ্মত লিপ্ত কৰিলে খোদ জন্মদাত্ৰী মাতৃ তথা বিজেপি নেত্ৰীয়ে ৷ মাতৃৰ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ এটা দলে মাতৃৰ সন্মুখতে কেইবাবাৰো অপকৰ্ম কৰিলে ১৩ বছৰীয়া কিশোৰীৰৰ সৈতে ৷ কন্যাক প্ৰেমিকৰ হতুৱাই অপকৰ্ম কৰোৱা মহিলা গৰাকী বিজেপিৰ মহিলা মৰ্চাৰ হৰিদ্বাৰ জিলাৰ প্ৰাক্তন সভানেত্ৰী ৷

আনহাতে,মানৱতাক লজ্জানত কৰা এই জঘন্যঘটনা পোহৰলৈ অহাৰ পাছতেই নাবালিকাক কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেত্ৰী গৰাকীৰ লগতে লম্পট প্ৰেমিক সুমিত পটবালক৷ আন লম্পট কেইজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে

একেদৰে উত্তৰাখণ্ড ৰাজ্যিক বিজেপিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মহিলা গৰাকীক দলৰ পৰা নিলম্বন কৰিছে ৷

Exit mobile version