Killing Of his Own Son :
কিমান নিৰ্দয় হ’ব পাৰে এজন পিতৃ ৷ নিজৰে তিনিমহীয়া সন্তানক দলিয়ালে কুঁৱালৈ ৷ মাতৃৰ কোলাৰ পৰা কেঁচুৱাটো টানি আনি দলিয়াই দিয়ে কুঁৱাত ৷ এই মর্মান্তিক ঘটনা সংঘটিত হয় মৰিয়নীৰ চেলেংহাটত ৷ অমৰ বৰাইক নামৰ চাহ শ্ৰমিক জনে |
প্ৰাপ্ত খবৰ মতে,সুৰামত্ত অমৰ বৰাইক নামৰ চাহ শ্ৰমিক জনে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৷ দুয়োৰে মাজত কথাৰ কটাকটি হোৱাৰ মাজতে হিতাহিতজ্ঞানশূন্য হৈ অমৰে পত্নীৰ কোলাৰ পৰা টানি-আজুৰি কুঁৱালৈ দলিয়াই দিয়ে তিনিমহীয়া সন্তানক ৷ এই ঘটনাৰ পিছতে হুৱাদুৱা লাগে ৷ স্থানীয় লোক উপস্থিত হৈ পলাবলৈ চেষ্টা কৰা পাষাণ পিতৃ অমৰ বৰাইক আবদ্ধ কৰি ৰাখে ৷
পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অমৰক গ্ৰেপ্তাৰ কৰাৰ লগতে কুঁৱাৰ পৰা দেৱশিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰৰ ব্যৱস্থা কৰে ৷ এই ঘটনাই শোকৰ ছাঁ পেলাই অঞ্চলটোত ৷ স্থানীয় লোকে অমৰ বৰাইৰ কঠোৰ শাস্তি দাবী কৰে ৷






























