Horoscope :মেষ: নানা ধৰণৰ চিন্তা। কি কৰিব বা কি নকৰিব স্পষ্টভাৱে ঠিক কৰা টান হ’ব। অৱশ্যে পূৰ্বতে দিয়া কথাৰ প্ৰতি বেছি সক্রিয় হোৱাৰ দৰকাৰ। অধিক দুশ্চিন্তা বাদ দিয়ক। ব্যৱসায়ত ব্যস্তসকলৰ শুভ। শুভ ৰং ৰঙা। শুভসংখ্যা ২।
বৃষ: আবেগ প্ৰৱণতা। কর্মস্থানত বিপদৰ শংকা নাথাকিব। ঘৰুৱাতো দুশ্চিন্তা নাই। জ্ঞাতি-কুটুম্বৰ আগমনৰ সম্ভাৱনা। ব্যস্ত হৈ পৰাৰ কাৰক। অৱশ্যে শৰীৰ ভাল লাগি নাথাকিব। দাম্পত্যত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
মিথুন: কর্তৃত্বহীন লোকৰ পৰাই কোনো অভিযোগ পোৱাৰ সম্ভাৱনা। খৰচ-পাতি বাঢ়িব যদিও অর্থনৈতিক সমস্যা নিয়ন্ত্ৰণৰ মাজত থাকিব। শৰীৰ বেয়া নহ’ব। শিল্পী বা কলা-কুশলীৰ নতুন সংযোগ। শুভ ৰং বগা। শুভসংখ্যা ৯।
কর্কট: কৰ্মব্যস্ত লোকৰ মধ্যম আহুকাল। শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম। ভৱিষ্যৎ আঁচনিৰ বাবে গভীৰভাৱে চিন্তা কৰক। অনুকূল ফল আশা কৰিব পাৰে। খৰচ পাতি বৃদ্ধি।। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।
সিংহ: কৰ্মক্ষেত্ৰত ভবিষ্যৎ অনুকূল দেখা যায়। কিন্তু মনোমত সংযোগ প্রাপ্তিত বাধা পাব। ব্যৱহাৰিক দিশত খেলি-মেলি থাকিব। প্রেম-প্রণয়ত সাময়িক অশান্তি দিব। বুদ্ধিজীৱীৰ ব্যৱস্থা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
কন্যা: অবাঞ্ছিত লোকৰ পৰা সতৰ্ক থাকক। কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব। পৰাপক্ষত ভ্ৰমণাদি স্থগিত বা অত্যন্ত সতর্ক থাকক। স্থায়ী বুদ্ধিৰ সদ্ব্যৱহাৰ কৰিবলৈ সমৰ্থ হ’ব। শুভ ৰং আকাশী নীলা। শুভসংখ্যা ৮।
তুলা: আৰ্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব। ঘৰুৱাত পূৰ্বৰ তুলনাত উন্নত। সন্তানৰ বাবে মাজে মাজে উদাস। শৰীৰ এক প্ৰকাৰ শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
বৃশ্চিক: সাধাৰণ উন্নত। কিন্তু কিবা সম্ভাব্য পৰিৱেশ বা কথাৰ বাবে উদ্বেগ থাকিব। যোগাযোগ কৰি উৎসাহ পাব। সন্তানৰ ভালেই। উদাস আৰু শংকাত গভীৰ আলোচনাৰ দৰকাৰ হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭।
ধনুঃ ফুৰা-চকাত গা বচাই চলক। অন্য মনস্কতাৰে একোকে নকৰিব। কোনো সংবাদে ব্যথিত কৰিব যদিও নিজৰ দৰকাৰী কামত অৱহেলা নকৰিব। জ্ঞাতি-কুটুম্ব, বাহিৰত থকা কোনোলৈ কিছু চিন্তা। শুভ ৰং ক’লা। শুভসংখ্যা ৬।
মকৰঃ নিৰাশাবাদ। মতান্তৰৰ সম্ভাৱনা। কিন্তু পুৰণা প্রিয় বন্ধুৰ সংগলাভৰ যোগ। তথাপি কোনো ক্লেশে লগ ধৰিব। পৰাপক্ষত নিজৰ দৰকাৰী কামত ব্যস্ত থাকক। যাত্রাদি স্থগিত ৰাখক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
কুম্ভ: কোনো দূৰস্থৰ আশান্বিত উন্নতি বা সংস্থাপন। পিতৃ-মাতৃলৈ অৱশ্যে চিন্তা থাকিব। ভ্ৰাতাদিৰ শাৰীৰিক বা কোনো কৰ্মত থকা বাধাৰ উন্নতি হ’ব পাৰে। দুই সন্তানৰ মাতৃৰ কিবা নতুন সমস্যা। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।
মীন: কর্মস্থানত কিবা খেলি-মেলি বা ভুল যাতে নহয় লক্ষ্য ৰাখক। কোনোবাৰ কথাত সন্তুষ্ট নহ’ব। বিদ্যাত খুব বেয়া দেখা নাযায়। দাম্পত্যত জাতক-জাতিকাৰ শুভ। শুভ ৰং পাতল ৰঙা। শুভ সংখ্যা ১।