Horoscope: মেষ: কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। বিদ্যাত জটিলতা। প্রেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
বৃষ: কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। বিদ্যাত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
মিথুন: গৱেষণা মূলক কাম-কাজত প্ৰতিভাৰ বিকাশ ঘটিব। সন্তানৰ কৰ্মতৎপৰতাই আপোনাক আনন্দিত কৰিব। নতুন প্রতিষ্ঠিত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। প্রেমত আনন্দ। শুভ ৰং হালধীয়া। শুভসংখ্যা ৬
কর্কট: বাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত সতর্ক হওক। পুৰনা ব্যধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভৰং গোলপীয়া, শুভ সংখ্যা ৮।
সিংহ: উচ্চ পদস্থ কৰ্মচাৰীসকলৰ বাবে অনুকূল সময়। আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৫।
কন্যা: আয় বৃদ্ধিৰ যোগ। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কৰক। গাৰ ৰোগত দেহ কষ্ট পাব। প্রেমত মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
তুলা: চাকৰিত পদোন্নতিৰ সম্ভাৱনা। নতুন কোনো উদ্যোগ বা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। প্ৰেমত প্ৰতাৰিত হ’ব। শুভৰং ৰঙা। শুভ সংখ্যা ৩।
বৃশ্চিক: কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। আর্থিক উন্নতিত গুৰু স্থানীয় ব্যক্তিৰ সহায় পাব। চাকৰিয়ালৰ শুভ। প্ৰেমত বিবাহৰ যোগাযোগ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
ধনু: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধিৰ পাব। প্ৰেমত উৎসাহ। শুভৰং সেউজীয়া। শুভ সংখ্যা ৪।
মকৰ : স্বাস্থ্যৰ ক্ষেত্রত সামান্য দুঃশ্চিন্তা। কর্মক্ষেত্রত অধিক ব্যস্ততা বাঢ়িব। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
কুম্ভ: কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি। ব্যৱসায়ত হঠাৎ লাভবৃদ্ধিৰ কাৰকতা। আকস্মিক দুর্যোগ দুৰ্ঘটনাৰ দ্বাৰা অমংগল সূচিত হ’ব পাৰে। শুভ ৰং সোণালী। শুভ সংখ্যা ৭।
মীন: নতুন কর্মপ্রেৰণা পাব। যৌথ ব্যৱসায়ত আর্থিক লেন-দেনৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। স্বামী-স্ত্রীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।































