Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

গোৱাৰ ৭৬ বছৰীয়া বালাকৃষ্ণৰ অসাধ্য সাধনক প্রশংসা বহুতৰ

goa 1

Goa Strong Men:

বলেৰে নোৱৰা শিল বুদ্ধিৰে আঁতৰাব লাগে! বাস্তৱত ইয়াকে কৰি দেখুৱালে গোৱাৰ এজন ৭৬ বছৰীয়া ব্যক্তিয়ে। শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাং পীড়িত অঞ্চলক পানীৰ মুখ দেখুৱাই এইজন ব্যক্তিয়ে। গোৱাৰ কানাকোনাৰ লোলিয়েমেৰৰ বাসিন্দা বালাকৃষ্ণ আইয়াৰে শিলাময় মাটি কাটি কুঁৱা তৈয়াৰ কৰি নিজৰ অঞ্চলত পানী যোগান ধৰিলে।

ADVERTISEMENT

বয়স্ক ব্যক্তিজনৰ বুদ্ধিত বহু লোক অবাক হৈছে। অঞ্চলটো দীর্ঘদিন ধৰি খৰাঙৰ কবলত আছে। প্ৰখৰ ৰ’দত সকলোৱে ছটফটাবলগীয়া হয়। খোৱাৰ লগতে খেতিপথাৰত পানীৰ জোৰা মৰাৰ উপায় কোনেও উদ্ভাৱন কৰিব পৰা নাছিল।

ইপিনে, দিন বৃদ্ধিৰ লগে লগে সমস্যাই জটিল ৰূপহে ধাৰণ কৰে। এনে পৰিস্থিতিত ওচৰ-চুবুৰীয়া উপায়হীন হোৱাৰ বিপৰীতে আইয়াৰে নিজে শিলাময় মাটিতে কুঁৱা খন্দাৰ মনস্থ কৰে। এই ক্ষেত্রত তেওঁক বহুতে নিৰাশো কৰিছিল। কাৰণ শিলৰ তলত পানী থকা বুলি কোনেও ধাৰণা কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে নিজ সিদ্ধান্তত অটল ব্যক্তিজনে নিতৌ কুঁৱা খান্দিবলৈ ধৰে।

ইয়াকে কৰোতে তেওঁ অনেক কষ্ট কৰিবলগীয়া হয়। কাৰণ অঞ্চলটোৰ মাটি বিশেষ ধৰণৰ তিনিটা স্তৰৰে তৈয়াৰী। ভূ-তাত্ত্বিকসকলৰ মতে, এই তিনিটা স্তৰৰ প্ৰথমটো স্তৰ শিলেৰে গঠিত। মাজৰ স্তৰটো কঠিন মাটিৰে আৰু একেবাৰে তলত স্তৰটো শক্তিশালী ক’লা শিলৰ দেৱাল আছে। খান্দি এই তিনিটা স্তৰ আঁতৰাই ব্যক্তিজনে অৱশেষত অঞ্চলবাসীক পানীৰ সন্ধান দিবলৈ সক্ষম হয়। কেনেদৰে এই কাৰ্য সম্পন্ন কৰিলে
সেই সম্পৰ্কত আইয়াৰে কয়,’খনন কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে ভূপৃষ্ঠৰ পৰা কঠিন মাটিৰ স্তৰ পর্যন্ত ঢাপে ঢাপে এটা চিৰি তৈয়াৰ কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল পাথৰে হেঁচা মাৰি ধৰিলে যাতে শ্ৰমিকসকলে চিৰিৰে বগাই ওপৰলৈ উঠি আহিব পাৰে।’

এনেদৰে নিৰাপত্তা নিশ্চিত কৰাত শ্রমিকসকলে নির্ভয়ে গভীৰ মাটিলৈ খান্দি থাকে। মাটি তিনিওটা স্তৰৰ অন্তিমটো তথা ক’লা শিলৰ স্তৰটো পাৰ হোৱাৰ পাছতে পানী ওলায়। ইয়াৰ সুবাদত অঞ্চলটোৰ ২৫টা পৰিয়ালে বৃহৎ সকাহ লাভ কৰিছে। কেৱল কুঁৱা খন্দাই নহয়, কুঁৱাটোৰ পৰা ওলোৱা পানী পাইপেৰে ঘৰে ঘৰে যোগানৰো ব্যৱস্থা কৰে আইয়াৰে।

এনে অভিনৱ পদ্ধতিৰে কুঁৱা খান্দি নিজৰ লগতে ২৫টাকৈ পৰিয়ালৰ জটিল সমস্যা সমাধান কৰাৰ বাবে ব্যক্তিজনক গোৱাৰ জৈৱ-বৈচিত্র্য ব’ৰ্ডে পুৰস্কৃতও কৰিছে। পূৰ্বে শিক্ষকতা কৰা আইয়াৰে একালত মাটিৰ প্ৰতিমাও নিৰ্মাণ কৰিছিল। অঞ্চলবাসীক সকাহ দিয়াৰ উদ্দেশ্যে কুঁৱা খান্দিবলৈ লোৱাৰ সময়ত সম্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, ‘সকলোৱে কৈছিল ইয়াত কুঁৱা খন্দাটো অসম্ভৱ।’

কাৰণ অঞ্চলটোক মাড্ডি-টলপ (কোংকনি ভাষাত) ইয়াৰ অৰ্থ হ’ল পাথৰৰ অঞ্চল। অঞ্চলটোৰ মাটিৰ গঠন সম্পর্কে বহু পঢ়া-শুনা কৰা বুলিও সদৰী কৰিছে আইয়াৰে। ইয়াৰ জৰিয়তে তেওঁৰ মনত কুঁৱা খন্দাৰ অভিনৱ কৌশলৰ কথা মনত খেলায়। এই কৌশল প্রয়োগ কৰি তেওঁ সফলতাও অর্জন কৰে |

Exit mobile version