Hujai Protest:
পবিত্ৰ ঈদৰ দিনাৰ পাকিস্তানৰ বিৰুদ্ধে গৰজি উঠিল হোজাইৰ ইছলাম ধৰ্মালম্বী ৰাইজ । কাশ্মীৰৰ পেহেলগামৰ ঘটনাক গভীৰ দুখ প্ৰকাশ কৰি ৰাইজে সমূহীয়া দোৱা কৰে ৷
ADVERTISEMENT
ইয়াৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আাকাশ – বতাহ মুখৰিত কৰি তোলে মুছলমান ৰাইজে ৷ পাকিস্তানৰ বিৰুদ্ধে সোচ্ছাৰ হৈ প্ৰতিবাদী ৰাইজে কয়,ভাৰতবৰ্ষৰ দৰে শান্তিপ্ৰিয় দেশ ক’তো নাই ৷ আমি ভাৰতীয় মুছলমান ৷ আমি ইয়াত হিন্দু- মুছলমান সকলো একতাৰে সমৃদ্ধ হৈ আছো ৷ আমাৰ দেশৰ বিৰুদ্ধে কোপদৃষ্টি দিয়া কাকোৱেই ৰেহাই দিয়া নহ’ব বুলি কঠোৰ বাৰ্তা দিয়ে পাকিস্তানক ৷