চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! কৰিলে ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ 

1745553717 doctor

Haryana:হাৰিয়ানাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰা পৰিছে ভুৱা হৃদৰোগ বিশেষজ্ঞ। অন্য এজন হৃদৰোগ বিশেষজ্ঞৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। তেওঁ নিজেও এজন ডাক্তৰ। অৱশ্যে তেওঁ হৃদৰোগ বিশেষজ্ঞ নহয় বুলি আৰক্ষীয়ে জানিব পাৰিছে।

ADVERTISEMENT

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ নিজকে হৃদৰোগ বিশেষজ্ঞ পংকজ মোহন শৰ্মা বুলি পৰিচয় দি ৰোগীৰ চিকিৎসা কৰি আছিল।

কেৱল সেয়াই নহয়, তেওঁ ৫০টাতকৈও অধিক অস্ত্ৰোপচাৰো কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা হাৰিয়ানাৰ ফৰিদাবাদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

তথ্য অনুসৰি, আঠ মাহ ধৰি তেওঁ ফৰিদাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল।

শনিবাৰে এই বিষয়টো পোহৰলৈ আহে। ভুৱা নামেৰে চিকিৎসা কৰি থকা অভিযুক্ত চিকিৎসক, হৃদৰোগ বিশেষজ্ঞ পংকজ মোহনৰ যোৱা এগৰাকী ৰোগীয়ে এই বিষয়ে অৱগত হয়। ইয়াৰ পাছতে তেওঁ চিকিৎসকজনৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা হৈছে। প্ৰাথমিক তদন্তৰ সময়ত চিকিৎসকে অস্ত্ৰোপচাৰ কৰা বহু ৰোগীয়ে বিভিন্ন সমস্যাত ভুগি থকা বুলি জানিব পৰা গৈছে। কেবাজনো ৰোগীৰো মৃত্যু হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ফৰিদাবাদৰ চিকিৎসালয়খনে হৃদৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিছিল। অভিযুক্ত চিকিৎসকজনে নিজকে হৃদৰোগ বিশেষজ্ঞ বুলি পৰিচয় দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে অভিযুক্তই চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰিছিল।তেওঁৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে তেওঁ চিকিৎসালয়লৈ অহা বন্ধ কৰি দিছিল।

ইয়াৰ লগে লগে ডাঃ পংকজ মোহনে অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে আইনী জাননী প্রদান কৰাৰ লগতে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনতো এজাহাৰ দাখিল কৰে।

Exit mobile version