Covid: দেশজুৰি পুনৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছ। এই মুহূৰ্তত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ছয় হেজাৰ। উদ্বেগ বৃদ্ধি কৰি যোৱা ২৪ ঘন্টাত চাৰিজন লোকৰ মৃত্যু হৈছে।
ইয়াৰ ভিতৰত কেৰালা, মহাৰাষ্ট্ৰ আৰু দিল্লীত সক্ৰিয় ক’ৰনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে কেৰালাৰ পৰিস্থিতি আটাইতকৈ বেয়া।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে পুৱালৈকে দেশত সক্ৰিয় ক’ৰনা ৰোগীৰ সংখ্যা হ’ল ৫,৭৫৫ জন। যোৱা ২৪ ঘন্টাত ৩৯১জন নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। চাৰিজন লোকৰ মৃত্যু হৈছে।
ৰাজ্যভিত্তিক পৰিসংখ্যালৈ চালে যোৱা ২৪ ঘন্টাত কেৰালাত ১২৭ জন, গুজৰাটত ১০২ জন, দিল্লীত ৭৩ জন আৰু পশ্চিমবংগত ২৬ জন নতুনকৈ ক’ৰনাত আক্ৰান্ত হৈছে।
অৱশ্যে অৰুণাচল প্ৰদেশ, চণ্ডীগড়, মিজোৰাম আৰু ত্ৰিপুৰাত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই।
একাংশ বিশেষজ্ঞৰ মতে পুনৰ ক’ৰ’না ভাইৰাছ বিয়পিলেও পূৰ্বৰ দৰে ইয়াৰ মাৰাত্মক শক্তি হেৰুৱাই পেলাইছে।
দেশত যি হাৰত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেই সময়ত চিকিৎসা সমাজৰ একাংশই আশংকা কৰিছে যে পুৰণি ক’ভিড নিয়ম ঘূৰি আহিব পাৰে!
জনবহুল স্থানত মাস্ক পৰিধান কৰাৰ উপৰিও বৃদ্ধ আৰু দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব।
কিন্তু প্ৰশাসনে বাৰে বাৰে উল্লেখ কৰি আহিছে যে ক’ৰনাৰ নতুন ঢৌৰ স’তে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু। সতৰ্ক হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।
