Dikhou River:
১০ কোটি টকাৰে গৌৰীসাগৰ আৰু কোঁৱৰপুৰ মৌজাক সংযোগ স্থাপন কৰিব পৰাকৈ দিখৌ নদীৰ বুকুত নিৰ্মাণ কৰা ১০ কোটিটকীয়া এখন দলং দুবছৰে সংযোগী পথ নথকাকৈয়ে অব্যৱহৃত হৈ থকা ঘটনাই বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো বহু আকাংক্ষিত দলংখন নির্মাণ সম্পূর্ণ হোৱাৰ পাছতো গৌৰীসাগৰ দিশত কোনো সংযোগী পথ নথকাত জনসাধাৰণে ব্যক্তিগত পৰিয়ালৰ বাৰীৰ মাজেৰে অহা-যোৱা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে।
উল্লেখ্য যে কোঁৱৰপুৰ মৌজা আৰু গৌৰীসাগৰলৈ সংযোগী হোৱাৰ ক্ষেত্রত যিখন দলঙে নির্ণায়ক ভূমিকা লোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল তেনে এখন দলঙৰ স’তে কোনো সংযোগী পথ নথকাত ইয়াৰ দিখৌ নদীৰ দক্ষিণ দিশৰ মথাউৰিটোকে জনসাধাৰণে পথৰূপে ব্যৱহাৰ কৰিব ধৰাত ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰিছে মথাউৰিটো।
কিয়নো বলিয়াঘাটৰ পৰা মাটিয়া ঘাটলৈকে পথ সদৃশ মথাউৰিটোৰ ওপৰেদি সৰু-বৰ যানবাহনৰ লগতে মাটি কঢ়িওৱা গাড়ী সঘনে অহা-যোৱা কৰাত মথাউৰিটো বহি যোৱাই নহয়, বহু স্থানত চলিত বাৰিষাৰ প্ৰথমটো বানত দিখৌৰ বাঢ়নী পানী ওপৰেদি বাগৰিব ধৰা ঘটনাই ৰাইজক শংকিত কৰি তুলিছিল। অৱশ্যে সম্প্রতি পানী হ্রাস পোৱাৰ লগে লগে ৰাইজ শংকামুক্ত হৈছে যদিও পৰৱৰ্তী সময়ত হ’ব লগা পৰিস্থিতিক লৈ ৰাইজ উদ্বিগ্ন হৈ পৰিছে।
স্মৰ্তব্য যে ১০ কোটি টকা ব্যয়েৰে নির্মাণ সম্পূর্ণ হোৱা দলংখনৰ সংযোগী পথ নোহোৱাকৈয়ে কি পৰিস্থিতিত অব্যৱহৃত হৈ পৰি থাকিব লগা হৈছে সেয়া ৰাইজৰ বাবে হৈ পৰিছে অবুজ সাঁথৰ। এই ক্ষেত্ৰত স্থানীয় শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে দুবছৰে উট পখীৰ দৰে বালিত মূৰ গুজি বহি থকাৰ উপৰি যোৱা ছয় জানুৱাৰীত পথ সংযোগবিহীন দলংখনকে উদ্বোধন কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
অৱশ্যে স্থানীয় এক প্রতিনিধি দলে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাত শিৱসাগৰ জিলা আয়ুক্তক মে’ৰ ভিতৰতে দলংখনৰ স’তে সংযোগী পথৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্রী ড: শৰ্মাৰ সেই নির্দেশনা সম্বলিত বাতৰিয়ে সেই সময়ত দখল কৰিছিল সংবাদ শিৰোনাম। উল্লেখ্য যে মুখ্যমন্ত্রী ড: শৰ্মাৰ সেই জৰুৰী নির্দেশনাৰ পাছতে পিছদিনাই থৰকাছুতি হেৰুৱাই শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গাৰ্গৰ সহিতে অতিৰিক্ত আয়ুক্ত পার্থপ্রতিম খনিকৰ, শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া, লোকনির্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অনুপম হাজৰিকা আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ একাধিক বিষয়াই দলংখনৰ বাবে প্রয়োজনীয় পথৰ বাবে চৰজমিন তদন্ত চলাই অ’এনজিচিৰ এটা পৰিত্যক্ত খাদৰ মাটিৰে পথটো নিৰ্মাণৰ নিৰ্দেশ দিয়ে।
জানিব পৰা মতে, যোৱা ২০ মার্চত স্থানীয় কেইজনমান উদ্যোগী ব্যক্তিৰ নেতৃত্বত যোৱা এক প্রতিনিধি দলে ডিব্ৰুগড়লৈ অহা মুখ্যমন্ত্রী ড: শর্মাক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰাৰ লগে লগে বিভাগীয় কর্তৃপক্ষক অতি শীঘ্ৰে মে’ৰ ভিতৰতে দলং সংযোগী পথৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ লগতে এপ্রিলত মুখ্যমন্ত্রী ড: শর্মাই দলংখন নিজে আহি উদ্বোধন কৰিব বুলিও জানিবলৈ দিয়ে।
প্রণিধানযোগ্য বিষয় যে প্রায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো অদ্যাপি দুবছৰে গৌৰীসাগৰৰ দিশত প্রয়োজনীয় সংযোগী পথ নোহোৱাকৈয়ে পৰি থাকিব লগা হৈছিল। ইফালে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নিজ সমষ্টিতে উক্ত দলংখনৰ সংযোগী পথ নোহোৱাত ৰাইজে জীয়াতু ভুগিব লগা বিষয়টোক লৈ অতদিনে নিষ্ক্রিয় ভূমিকা পালন কৰাই নহয়, ক্ষমতা অপব্যৱহাৰেৰে যোৱা ছয় জানুৱাৰীত মইমতালিৰে উক্ত দলংখন উদ্বোধন কৰাৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছিল।
জনসাধাৰণক আভুৱাভাঁৰি মইমতালিৰে পথ সংযোগবিহীন দলংখনকে উদ্বোধন কৰি সন্তীয়া ৰাজনীতিৰ পোহাৰ মেলা বিধায়ক অখিল গগৈৰ সস্তীয়া কর্মকাণ্ডৰ বিপৰীতে মুখ্যমন্ত্রী ড: শৰ্মাৰ কাঢ়া নির্দেশৰ পাছতো আজিলৈকে সংযোগী পথৰ ব্যৱস্থা গ্রহণত ব্যর্থ হোৱা জিলা প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে জনসাধাৰণে ৷






























