Hojai Incident:
হোজাই আৰক্ষী থানাৰ অন্তৰ্গত বৰপুখুৰী অঞ্চলৰ মূলপথৰ বিভিন্ন স্থানৰ লগতে কে’বাটাও মন্দিৰৰ ওচৰত শনিবাৰে সন্ধিয়া অজ্ঞাত লোকে গো-মাংস পেলোৱাক কেন্দ্র কৰি অঞ্চলটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাৰ প্ৰতিবাদ জনাই স্থানীয় লোকে জয় শ্রীৰাম ধ্বনি দি হোজাই-যোগীজান পথ অৱৰোধ কৰে। আনহাতে ভূঞাপট্টিত একাংশ মুছলমান লোকেও অৱৰোধ কৰে পথ অৱৰোধ ।
দুয়োটা পক্ষই পৰিস্থিতি উত্তেজনাময় কৰি তোলাৰ বাবে ছত্রভংগ দিয়াবলৈ আৰক্ষীৰ কৰে লাঠীচালনা ৷ ইতিমধ্যে ঘটনাস্থলীত অধিক সংখ্যক আৰক্ষী- অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰাৰ লগতে বাহৰ পাতিছে উচ্চপদস্থ আৰক্ষী বিষয়া ৷ ইপিনে, কোনে কি উদ্দেশ্য লৈ এই দুষ্কার্য সংঘটিত কৰিলে তাৰ তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অব্যাহত ৰাখিছে তদন্ত ৷ বৰ্তমানেও অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷