ঘগ্রাপাৰৰ-বাঘমাৰাত ৩৫ সংখ্যক বাৰ্ষিক পালনাম সামৰণি

নিশা অসমৰ জনপ্রিয় নাগাৰা নামৰ পাঠক নিপন দত্ত কলিতাৰ নাম প্রদৰ্শন

IMG 20250609 181628

নলবাৰী জিলা ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ আলিকাষ চুবুৰিৰ নামঘৰ প্রাংগণত ৩৫ সংখ্যক বাৰ্ষিক পালনামখনি যোৱা কালি দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয়।

ADVERTISEMENT

কাৰ্যসুচী অনুসৰি পুৱা পালনামৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভণি কৰে পালনাম উদযাপন সমিতিৰ সভাপতি শৰৎ কলিতাই।ইয়াৰ পাছতে বন্তি প্রজ্বলন, নাম প্রসংগ।

সন্ধিয়া বন্তি প্রজ্বলন কৰে ক্রমে বিশিষ্ট সমাজসেৱী ৰেৱতি কলিতা, বাঘমাৰা গাও সভাৰ সদস্য বদন তালুকদাৰ, গোপাল তালুকদাৰ, নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মৃদুল কলিতা,দৈনিক অগ্রদূত’ৰ সাংবাদিক দ্বিজেন ডেকা আদিয়ে।

সন্ধিয়া সাত বজাত প্রসাদ বিতৰণ। সন্ধিয়া আঠ বজাত সম্বৰ্দ্ধনাৰ পাছতে নাগাৰা নাম পৰিৱেশন কৰে অসমৰ বিশিষ্ট পাঠক নিপন দত্ত কলিতাই।

নাগাৰা নাম উদ্বোধনী কৰি নিউজ লাইভৰ জেষ্ঠ সাংবাদিক তথা সদৌ নলবাৰী জিলা সাংবাদিক সংস্থাৰ সভাপতি ব্ৰজেন তালুকদাৰে কয় য়ে এনেকুৱা ধৰ্মীয় অনুষ্ঠানে অঞ্চল একোটিত সাংস্কৃতিক দিশকে ধৰি মিলা-প্রীতি অধিক সুদৃঢ় কৰে বুলি মন্তব্য কৰে।

উক্ত অনুষ্ঠান অতিথি হিচাপে উপস্থিত থাকে ক্রমে সমাজকৰ্মী হেমেন বৰ্মন, ঘগ্রাপাৰ প্রেছ ক্লাবৰ সম্পাদক ৰাতুল ডেকা, এন এফ ৰে’লৱেৰ জেষ্ঠ অভিযন্তা নিপন কলিতা, উদযাপন সমিতিৰ সভাপতি শৰৎ কলিতা, সম্পাদক দ্বয় ক্রমে অচ্যুত কলিতা আৰু যাদৱ কলিতা আদিয়ে।

অনুষ্ঠান নাগাৰা নামৰ শিল্পী দুপৰ নিশালৈ হৰি নাম পৰিৱেশ কৰি সহস্রাধিক ৰাইক আকৰ্ষিত কৰি তোলে।অনুষ্ঠানটি আত ধৰে উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সম্পাদক অমৰ কলিতাই।

Exit mobile version