Chhattisgarh:চত্তীশগড়ৰ সুকমাত মাওবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণত নিহত হয় সুকমা অতিৰিক্ত আৰক্ষী অধীক্ষক আকাশ ৰাও। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাত সোমবাৰে তেওঁৰ মৃত্যু হয়।আৰু তিনিজন আৰক্ষীৰ অৱস্থা সংকটজনক।
দেওবাৰে কোন্টা-এৰাবৰ পথৰ সমীপৰ ডণ্ড্ৰা অঞ্চলত চাৰিজন আৰক্ষীয়ে টহল দি আছিল। এ এছ পি আকাশৰ উপৰিও দলটোত কন্টা এছ ডি অ’ পি, কোন্টা থানাৰ গৃহ বিষয়া আৰু আন তিনিজন আৰক্ষীৰ লোক আছিল।
সেই সময়ত মাওবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণত আকাশ গুৰুতৰভাৱে আহত হয়। আন কেইজনো আহত হয়। আটাইকেইজন আহতক শীঘ্ৰে উদ্ধাৰ কৰি কন্টা হাস্পতালত ভৰ্তি কৰোৱা হয়।
উন্নত চিকিৎসাৰ বাবে আকাশক ৰায়পুৰলৈ স্থানান্তৰিত কৰোৱাৰ কথা ভৱা হৈছিল যদিও তাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।
সুকমা আৰক্ষী অধীক্ষক কিৰণ চাভানে আকাশৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। প্ৰসংগক্ৰমে ৰাজ্যখনৰ মাওবাদী বিৰোধী প্ৰচেষ্টাত এক বৃহৎ অগ্ৰগতিৰ মাত্ৰ কিছুদিনৰ পাছতে এই ঘটনা সংঘটিত হৈছে।
বিগত ২৭ মে’ত প্ৰথম বেটেলিয়নৰ চাৰিজন সদস্যকে ধৰি মুঠ ১৮জন মাওবাদীয়ে সুকমাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
তদুপৰি বিগত তিনিদিনত বিজাপুৰত যুটীয়া বাহিনীৰ অভিযানত কমেও সাতজন মাওবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে চি পি আই (মাওবাদী)ৰ দুজন শীৰ্ষ নেতা – কেন্দ্ৰীয় সমিতিৰ নেতা সুধাকৰ আৰু তেলেংগানা ৰাজ্যিক সমিতিৰ নেতা ভাস্কৰ।