আত্মনিৰ্ভৰশীলতাৰ দিশত এখোজ, এইবাৰ ভাৰতত তৈয়াৰ হ’ব এয়াৰ ডিফেন্স চিষ্টেম

IMG 20250610 185538

Indian Army:অধিক শক্তিশালী হৈছে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা । শীঘ্ৰেই ৩০ হেজাৰ কোটি টকাৰ নতুন এয়াৰ ডিফেন্স চিষ্টেম লাভ কৰিবলৈ ওলাইছে ভাৰতীয় সেনাই।

ADVERTISEMENT

ইয়াৰ ক’ড নাম হৈছে ‘QRSAM, Surface to Air Missile’। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ উদ্যোগত এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হ’ব।

সংবাদ সংস্থায়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিৰক্ষা অধিগ্ৰহণ সমিতিয়ে এই মাহতে এই প্ৰস্তাৱৰ অনুমতি দিবলৈ ওলাইছে।

সূত্ৰ অনুসৰি এই ‘QRSAM, Surface to Air Missile’ য়ে অতি কম সময়ৰ ভিতৰতে আকাশত থকা শত্ৰুৰ ড্ৰ’ন আৰু মিছাইল নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হ’ব।যুদ্ধকালীন পৰিস্থিতিৰ বাবে এই বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আদৰ্শ।

প্ৰসংগক্ৰমে স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত মোদীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতিশ্ৰুতি দিছিল। যাৰ ৰূপায়ণ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বেছি দেখা গৈছে।

ইতিমধ্যে গুজৰাট, উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত প্ৰতিৰক্ষা সঁজুলিৰ কাৰখানা নিৰ্মাণ কৰা হৈছে ।

Exit mobile version