Helicopter:চাৰ ধাম যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাত ইটোৰ পাছত সিটোকৈ বাধাৰ সন্মুখীন। বিগত এমাহত চাৰ ধাম যাত্ৰাৰ হেলিকপ্টাৰ সেৱাত কমেও চাৰিটা দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা সাত তাৰিখে কেদাৰনাথ অভিমুখী হেলিকপ্টাৰ এখনে গুপ্তকাশীত ‘ক্ৰেচ লেণ্ডিং’ কৰে।
ইয়াৰ পাছতে যাত্ৰীৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশৰ বাবে দায়িত্বপ্ৰাপ্ত সংস্থা উত্তৰাখণ্ডৰ কেষ্ট্ৰেল এভিয়েশন প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ বন্ধ কৰি দিয়া হৈছে। সোমবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই সিদ্ধান্ত ঘোষণা কৰে।
চাৰ ধাম যাত্ৰাৰ সময়ত কেবাটাও চপাৰ দুৰ্ঘটনাৰ পাছত নিৰাপত্তাজনিত সমস্যাৰ তদন্ত কৰা হ’ব বুলিও জনোৱা হৈছে। ইয়াৰ বাবে ডিজিচিএই ‘ছাৰপ্ৰাইজ অডিট’ৰো সিদ্ধান্ত লৈছে। সোমবাৰে এক অধিসূচনাযোগে এই কথা ঘোষণা কৰে।
শনিবাৰে বাদাছু অঞ্চলৰ এটা পথত কেষ্ট্ৰেল এভিয়েশন প্ৰাইভেট লিমিটেডৰ এখন হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰখনে কেদাৰনাথলৈ তীৰ্থযাত্ৰী কঢ়িয়াই আনিছিল।
এই ঘটনাৰ পাছতে কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বন্ধ কৰি দিয়া হৈছে বুলি DGCA য়ে জানিবলৈ দিয়ে।
সুৰক্ষাৰ স্বাৰ্থত এই নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁলোকে উল্লেখ কৰিছে। একে সময়তে চাৰ ধাম যাত্ৰাৰ সময়ত হেলিকপ্টাৰ সেৱা আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলিও জনোৱা হৈছে।
দুৰ্ঘটনাৰ কাৰণ আৰু অঞ্চলটোত হেলিকপ্টাৰ সেৱা প্ৰদানৰ ক্ষেত্ৰত কি কি সমস্যাৰ সৃষ্টি হৈছে তাক তদন্ত কৰিব বুলিও জানিবলৈ দিয়ে ডিজিচিএই।
চাৰ ধাম যাত্ৰাৰ সময়ত হেলিকপ্টাৰ সম্পৰ্কীয় ধাৰাবাহিক ঘটনাৰ পাছত নিৰাপত্তা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও উল্লেখ কৰিছে ডি জি চি এয়ে।
তেওঁ জনাইছে যে,যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা উলংঘাৰ বাবে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰা হৈছে।
এই কাৰণেই বিমান নিয়ন্ত্ৰকে সমগ্ৰ উত্তৰাখণ্ডত শ্বাটল সেৱা আৰু চাৰ্টাৰ অপাৰেচনত নিয়োজিত সকলো হেলিকপ্টাৰ অপাৰেটৰৰ বিশেষ অডিট আৰু বৰ্ধিত চোৰাংচোৱাগিৰিৰ নিৰ্দেশ দিছে।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই বিপদ আৰু অধিক হ্ৰাস কৰাৰ লক্ষ্যৰে ডিজিচিএই চাৰধামত হেলিকপ্টাৰ সেৱা সম্পূৰ্ণৰূপে হ্ৰাস কৰাৰ সম্ভাৱ্য প্ৰয়োজনীয়তাৰ পৰ্যালোচনা কৰিছে বুলি প্ৰেছ বৃবিতিত উল্লেখ কৰিছে । সোমবাৰে তাত হেলিকপ্টাৰ সেৱাও ব্যাহত হৈ পৰে ।