Kedarnath: ✒️ভাৰতৰ বহু তীৰ্থস্থানৰ ভিতৰত কেদাৰনাথলৈ যোৱা পথটো আটাইতকৈ কঠিন। তাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। কিন্তু ইয়াৰ পাছতো লাখ লাখ ভক্তই সকলো বাধা অতিক্ৰম কৰি তাত উপস্থিত হয়।
যিসকল তীৰ্থযাত্ৰী কেদাৰনাথলৈ ট্ৰেকিং কৰিব নোৱাৰে তেওঁলোকৰ বাবে তাত হেলিকপ্টাৰ সেৱা উপলব্ধ। এইবাৰ সেই হেলিকপ্টাৰ সেৱাৰ ভাড়া ৪৯ শতাংশ বৃদ্ধি কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ চূড়ান্ত অনুমোদনৰ পাছত ১৫ ছেপ্টেম্বৰৰ পৰা এই নতুন ভাড়া কাৰ্যকৰী কৰা হ’ব। উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষই প্ৰকাশ কৰিলে হেলিকপ্টাৰৰ ভাড়াৰ নতুন তালিকা।
চলিত বৰ্ষৰ কেদাৰনাথ যাত্ৰাৰ নতুন ভাড়া হৈছে
গুপ্তকাশী-কেদাৰনাথ (ৰাউণ্ড ট্ৰিপ) – ১২,৪৪৪ টকা। আগতে আছিল ৮৫০০ টকা ।
ফাটা-কেদাৰনাথ (ৰাউণ্ড ট্ৰিপ) – বৰ্তমান ভাড়া ৮,৯০০ টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে ভাড়া আছিল ৬৫০০ টকা।
ছিৰচি-কেদাৰনাথ (ৰাউণ্ড ট্ৰিপ) – এই পথৰ ভাড়া ৮৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। আগতে ৬৫০০ টকা আছিল।
ভাড়া বৃদ্ধিৰ বাবে যাত্ৰীসকলে পূৰ্বতকৈ চাৰি পাঁচ হেজাৰ টকা অধিক খৰচ কৰিব লাগিব। পৰ্যটকে আই আৰ চি টি চিৰ জৰিয়তে অনলাইনযোগে টিকট বুকিং কৰিব পাৰিব।
সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ ১০ ছেপ্টেম্বৰৰ পৰা যাত্ৰীসকলে টিকট বুকিং কৰিব পাৰিব।





























