Gaurav Gogoi Pressmeet:ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন এপিচিচিৰ সভাপতি গৌৰৱ গগৈ

সদনৰ মজিয়াত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে: গগৈ

gg

Gaurav Gogoi Pressmeet:

সদনৰ মজিয়াত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে ৷ কিন্ত শেহতীয়াকৈ সাংবিধানিক চকীৰ গাম্ভীৰ্যটো কিছু লোকে বুজি পোৱা নাই বুলি আওপকীয়াকৈ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি তিৰ্যক মন্তব্য এপিচিচি নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈৰ

ADVERTISEMENT

মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজিৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত যোৰহাটৰ সাংসদ গৰাকী পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ মোৰ পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব নে নতুন অসমৰ স্বাৰ্থত, সমস্যামুক্ত অসমৰ স্বাৰ্থত ভোট দিব। শিক্ষা, চিকিৎসা, খোৱাপানী, পথ মেৰামতি, বিভিন্ন জনগোষ্ঠী-জনগোষ্ঠীৰ অধিকাৰ পূৰণ কিদৰে হ’ব, এই দিশত কংগ্ৰেছৰ ভূমিকাক ৰাইজে অতি গুৰুত্বসহকাৰে ল’ব।

আমাৰ বিশ্বাস অসমৰ ৰাইজ অৱগত হৈছে যে এক উজ্জ্বল অসমৰ পৰিকল্পনা কংগ্ৰেছে কৰিছে, সেই বিষয় লৈহে আমি আগন্তুক দিনত কাম কৰিম।’ আগন্তুক দিনত এক নতুন অসম গঢ় দিয়াৰ লক্ষ্যৰে কংগ্ৰেছে কাম কৰি যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘এক নতুন অসম, যি অসমত সকলোৱে যাতে স্থান পায়। কেৱল চাৰিজন ব্যক্তিৰ নহয়, সকলোৰে বাবে এক অসমৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে।’

মুখ্যমন্ত্ৰীয়ে দহ ছেপ্তেম্বৰৰ পিছত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব ৷ তেওঁ এখন তৃতীয় গ্ৰেডৰ চিনেমা বনাইছে যিখন চিনেমা ইতিমধ্যে জনসাধাৰণৰ মাজত ফ্লপ হিচাপে বিবেচিত হৈছে ৷
১০ছেপ্তেম্বৰৰ পাছদিনা মই সম্বোধন কৰিম এখন সংবাদমেল ৷

কংগ্ৰেছত ৰাজনীতিৰ অ- আ শিকি পৰৱৰ্তী সময়ত পোচাক সলাই গেৰুৱাবসন পিন্ধি পিছ দুৱাৰেদি মুখ্যমন্ত্ৰী আসন অধিকাৰ কৰাজন কাৰো আপোন নহয় ৷ ৰাইজৰো আপোন নহয় ৷ শেহতীয়াকৈ ক্ষমতাৰ ৰাগিত মতলীয়া হোৱা তেওঁৰ অহংকাৰৰ দৰ্পচূৰ্ণ হ’ব ২০২৬ ত ৷ দিছপুৰৰ ক্ষমতাচ্যুত হোৱাৰ পিছত তেওঁৰ দুৰ্নীতি এটা এটাকৈ ফাইল খুলিব দিছপুৰত পুনৰ বহিবলগীয়া কংগ্ৰেছ চৰকাৰে৷ ২৬ ত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব ৷
সংবাদমেলত এপিচিচিৰ সভাপতি গৰাকীয়ে বিজেপি চৰকাৰৰ শেহতীয়া কেতবোৰ কৰ্মকাণ্ডক লৈ সৰৱ হৈ পৰে ৷ সংবাদমেলত কে’বা গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে।

Exit mobile version