Akhand Bhagavat Path:
নগাঁও চহৰৰ পাশ্বৱৰ্তী কাৱৈমাৰী গাঁও নামঘৰ প্ৰাঙ্গনত বিগত বৰ্ষৰ দৰেই এই বছৰো ২৪তম্ অখণ্ড ভাগৱত পাঠ ৬জুনৰ পৰা ৮ জুনলৈকে তিনিদিনীয়াকৈ আৰম্ভ কৰা হয়। কাৱৈমাৰি নামঘৰ পৰিচালনা সমিতি আৰু পূৰ্ণজ্যোতি সংঘৰ সৌজন্যত আয়োজন কৰা অখণ্ড ভাগৱত পাঠৰ প্ৰথম দিনা পুৱা অসম আদি পন্থা সমাজৰ আচাৰ্য্য সুমেন্দ্ৰ দাসে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতেই আচাৰ্য্য দাসৰ শিৰত ভাগৱত ভাগ লৈ স্থানীয় ভাগৱত প্ৰেমী পুৰুষ-মহিলা,জীয়ৰী-বোৱাৰী সমন্বিতে সকললোৱে ভাগৱত ভ্ৰমণ কৰি সমগ্ৰ অঞ্চল ভক্তিময় কৰি তোলে।
অখণ্ড ভাগৱত পাঠ ভাগত অংশ গ্ৰহণ কৰে ক্ৰমে মুল আচাৰ্য্য নগাঁও আদি পন্থা সমাজৰ সুমেন্দ্ৰ দাস, বানেশ্বৰ দাস, নিলকান্ত দাস, পিণ্টু মেধি,হেমন্তু শইকীয়া, জগত দাস,খগেন দাস, ভৱেন নাথ,ৰতন দাস,প্ৰফুল্ল দাস প্ৰমুখ্য আৰু দহ গৰাকী মান ভক্তই।ভাগৱত পাঠৰ ওপৰত সহজ সৰল সুন্দৰকৈ বাখ্যা আগবঢ়ালে ক্ৰমে মৰিগাঁৱৰ ভোলাৰাম দাস,চৰাইবাহীৰ মুণিন্দ্ৰ নাথ আৰু বামুণবৰীৰ লক্ষীধৰ নাথ দেৱে।
অখণ্ড ভাগৱত পাঠ ভাগৰ অন্তত নামঘৰ প্ৰাঙ্গনতে গুৰুজনাৰ দেৱবাদ্য খোল-তাল- নেগেৰা আৰু নাম- ঘোষাৰ ধ্বনিৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰি সামৰণি কৰে। নগাঁৱৰ সামাজ্যিক সাংস্কৃতিক অনুষ্ঠানৰ সতে জৰিত থকা সৰবৰহী মহিলা নিজৰা শইকীয়াই এতি গুৰু বন্দনাৰে অখণ্ড ভাগৱত পাঠৰ ওপৰত শ্ৰুটিমধুৰ ভক্তিপুৰ্ণ ভাষণ প্ৰদান কৰি অখণ্ড ভাগৱত পাঠ ভাগৰ সামৰণিৰ সৌষ্ঠৱ ৰসাল কৰি তুলিলে।