Bongaigaon Donation Camp: বঙাইগাঁও শোধনাগাৰত ৰক্তদান শিবিৰ

blood donation

 Bongaigaon Donation Camp:

ভাৰতীয় তেল নিগমৰ অধীনৰ চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ৰ উদ্যোগত আৰু কাজলগাঁৱস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ৰ সহযোগত আজি এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ৷

বঙাইগাঁও শোধনাগাৰে জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ত ৰক্তদান শিবিৰৰ আয়োজন কৰি আহিছে ৷ আজি ৰক্তদান শিবিৰটো মুকলি কৰে কাজলগাঁৱস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ দিপালী বৰদলৈ মান্টাই ৷ এই অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী নয়ন কুমাৰ বৰুৱা, মহাপ্ৰৱন্ধক জে জে দাস, বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ব্ৰজেন তালুকদাৰ সহ কেবাজনো চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷

ৰক্তদান শিবিৰত গ্ৰহণ কৰা ৰক্ত সমূহ কাজলগাও জে এছ বি অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত প্ৰদান কৰা হ’ব ৷ এই ৰক্তদান শিবিৰত ভালে সংখ্যক লোকে ৰক্তদান কৰে ৷

Exit mobile version