Ahmedabad Plane Crash Helpline Number:গুজৰাটত ভয়ংকৰ বিমান দুৰ্ঘটনা। আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান AI171। বিমানখনত আছিল ২৪২ জন যাত্ৰী।
কিন্তু বিমানখন উৰা পাঁচ মিনিটৰ ভিতৰতে বিমানখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশঙ্কা কৰা হৈছে ।ইতিমধ্যে একাধিক হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে
এয়াৰ ইণ্ডিয়াই মুকলি কৰা বিশেষ হটলাইন নম্বৰ: ১৮০০ ৫৬৯১ ৪৪৪।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় হেল্পলাইন নম্বৰ: ০১১-২৪৬১০৮৪৩, ৯৬৫০৩৯১৮৫৯
আহমেদাবাদ বিমানবন্দৰৰ হেল্পলাইন নম্বৰ: ৯৯৭৪১১১৩২৭
গুজৰাট চৰকাৰী হেল্পলাইন নম্বৰ: ০৭৯-২৩২৫১৯০০, ৯৯৭৮৪০৫৩০৪
ইয়াৰ উপৰিও ব্ৰিটিছ চৰকাৰে এটা হেল্পলাইন নম্বৰো মুকলি কৰিছে: ০২০ ৭০০৮ ৫০০০।
ইয়াৰ উপৰিও যাত্ৰীসকলৰ বাবে মুকলি কৰা বিশেষ হেল্পলাইন নম্বৰত ফোন কৰি তথ্য নিবিচাৰিবলৈ সাংবাদিকসকলক অনুৰোধ জনাইছে এয়াৰ ইণ্ডিয়াই।
যিকোনো মিডিয়া সম্পৰ্কীয় প্ৰশ্নৰ বাবে এয়াৰ ইণ্ডিয়া মিডিয়া হেল্পলাইন নম্বৰ আছে, নম্বৰটো হ’ল: ৯৮২১৪১৪৯৫৪।