Ahmedabad Plane Crash:আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান। অভিশপ্ত বিমানখনত ২৩২জন যাত্ৰী আৰু ১০জন ক্ৰু মেম্বাৰ আছিল।
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কিছু সময়ৰ পাছতে ২৪২ জন যাত্ৰীৰ ২৪১ জনৰে মৃত্যু হয়।এই পৰিস্থিতিত ভাৰতৰ কাষত থিয় দিছে ৰাছিয়া, চীন, ফ্ৰান্সৰ দৰে দেশসমূহে।
এই ঘটনাক শোক প্ৰকাশ কৰিছে জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জ’হান ৱেডফুলে।ইফালে ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙেও বেইজিঙৰ হৈ এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।
তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “আহমেদাবাদত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাত গভীৰ মৰ্মাহত । আহত যাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। এই কঠিন সময়ত ক্ষতিগ্ৰস্তসকলৰ স’তে আমি থিয় দিছো।”
ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মেথিউ এক্সে হেণ্ডেলত লিখিছে, “আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ফ্ৰান্স মৰ্মাহত। আমি ভুক্তভোগী আৰু তেওঁলোকৰ আপোনজনৰ স’তে আছোঁ।”
ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টুইটাৰযোগে শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, “ভাৰতত যাত্ৰীবাহী বিমান দুৰ্ঘটনাৰ ভয়ানক খবৰ পাইছো। এই শোকৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ সকলো নাগৰিকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”
প্ৰসংগক্ৰমে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে দিনৰ ১:৩৮ বজাত উৰা মাৰে AI171 বিমান। উৰণৰ কিছু সময়ৰ পাছতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে AI171 বিমানখনৰ যাত্ৰী তালিকা।
তথ্য অনুসৰি, যাত্ৰীসকলৰ ভিতৰত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, সাতজন পৰ্তুগীজ আৰু এজন কানাডিয়ান আছিল।