তিনিদিনীয়া ভ্ৰমণসুচিৰে মুম্বাইত উপস্থিত হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁ । সোমবাৰে নিশা তেওঁ বিমানযোগে মুম্বাইত অৱতৰণ কৰে। এই ভ্ৰমণৰ সময়তে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।
সূত্ৰ অনুসৰি, এই বৈঠকত দীৰ্ঘদিন ধৰি অপেক্ষিত প্ৰায় ৩.৬০ লাখ কোটি টকাৰ নতুন ৰাফাল যুদ্ধবিমান চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।তথ্য অনুসৰি এই চুক্তিৰ অধীনত ভাৰত ফ্ৰান্সৰ পৰা ১১৪টা নতুন ৰাফাল যুদ্ধবিমান ক্ৰয় কৰিব ।
এই ভ্ৰমণত ৰাষ্ট্ৰপতি মেক্ৰোঁৰ কেবাটাও কূটনৈতিক আৰু বাণিজ্যিক কাৰ্যসূচীও আছে। ভাৰত-ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কৌশলগত সম্পৰ্ক অধিক মজবুত কৰাৰ ক্ষেত্ৰত এই বৈঠকক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।



































