Mysterious death of an Interior Designer:
কর্মসূত্রে গুজৰাটৰ আহমেদাবাদত বাস কৰা শিৱসাগৰৰ নাজিৰাৰ এগৰাকী ২৪ বছৰীয়া যুৱতী ৰহস্যজনকভাবে মৃত্যুমুখত পৰিছে। নাজিৰা নগৰৰ দুই নম্বৰ ৱাৰ্ডৰ নিবাসী মৃণাল মজিন্দাৰ বৰুৱা আৰু বিভা মজিন্দাৰ বৰুৱাৰ একমাত্র কন্যা শিৱালী কাশ্যপ আহমেদাবাদত ইণ্টৰিয়ৰ ডিজাইনিং ৰূপে কৰ্মৰত আছিল।
শেহতীয়াভাৱে শিৱালীয়ে আহমেদাবাদৰ বর্ধমান নগৰৰ এটা এপার্টমেন্ট (ডি-১২ নম্বৰ)ত থাকিবলৈ লয়। তাতে তেওঁৰ পৰিচয় ঘটে ৰাজস্থানৰ সৌৰভ পুৰোহিত নামৰ এজন যুৱকৰ লগত। সৌৰভৰ প্ৰতিষ্ঠানতে কিছুদিন ধৰি শিৱালীয়ে কামো কৰে। পৰৱৰ্তী সময়ত যোৱা মাৰ্চৰ পৰা পৰিয়ালৰ অজ্ঞাতে দুয়ো একেলগে বাস কৰিবলৈ লয়। যোৱা নিশা ১২-৩৪ বজালৈ শিৱালীয়ে মাতৃৰ স’তে ফোনত কথাও পাতে। তেতিয়া সৌৰভো শিৱালীৰ স’তে আছিল।
মাতৃৰ স’তে স্বাভাৱিকতে কথা-বতৰা হোৱাৰ পাছত দুয়ো পুনৰ সংযোগ বিচ্ছিন্ন কৰাৰ ২০ মিনিট পাছত সৌৰভে শিৱালীৰ মাতৃলৈ ফোন কৰি জনায় যে কাপোৰ মেলিবলৈ চাদলৈ উঠি যোৱা অৱস্থাত শিৱালী পিছলি পৰি মৃত্যুমুখত পৰে। এই খবৰ পোৱাৰ লগে লগে পৰিয়ালটোত হাহাকাৰ লাগে। লগে লগে পৰিয়ালৰ লোকে আহমেদাবাদৰ ঘাটলোডিয়া আৰক্ষী থানালৈ ফোন কৰি ঘটনাৰ বিষয়ে অৱগত কৰে।
পাছত আৰক্ষীয়ে পুৱতি নিশা তিনি বজাত শিৱালীৰ মাতৃলৈ ফোন কৰি জনায় যে তেওঁৰ কন্যাক ৰহস্যজনক পৰিৱেশত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। শিৱালীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰা অনুসৰি বিগত কিছুদিন ধৰি শিৱালীক সৌৰভে শাৰীৰিক-মানসিক নির্যাতন চলাই আছিল। আনকি নাজিৰাস্থিত ঘৰলৈ অহাটো শিৱালীক বাধা দিয়ে সৌৰভে। একেদৰে শিৱালীৰ স’তে পুত্ৰৰ বিয়াৰ কথা আলোচনা কৰিবলৈ অসমলৈ আহিবলৈও সৌৰভৰ পৰিয়ালে অস্বীকাৰ কৰে।
ইপিনে শিৱালীৰ ৰহস্যজনক মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ স’তে ফোনৰ যোগাযোগ বিচ্ছিন্ন কৰিছে সৌৰভৰ পৰিয়ালে। শিৱালীৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছে তেওঁৰ পৰিয়ালে।
আনহাতে, মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালটো। শিৱালীৰ ভ্ৰাতৃ বুধবাৰে আহমেদাবাদলৈ ৰাওনা হয় যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা দুর্বল হোৱাৰ পৰিপ্ৰেক্ষিতত মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত প্রত্যাহ্বানৰ সম্মুখীন হৈছে। এনে পৰিস্থিতিত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগীৰ পৰিয়ালে।






























