PM Modi:ৰাখে হৰি মাৰে কোনে। আহমেদাবাদৰ ভয়ানক বিমান দুৰ্ঘটনাত অবিশ্বাস্যভাৱে ৰক্ষা পোৱা ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বকুমাৰ ৰমেশ।বৃহস্পতিবাৰে তেওঁক চিকিৎসালয়ত সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।
আৰু আজি পুৱা তেওঁক সাক্ষাৎ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চিকিৎসালয়ৰ বিচনাত পৰি আতংকৰ সেই মুহূৰ্তটোৰ অভিজ্ঞতা কথা জনাইছে বিশ্বকুমাৰে । কয়, “উৰণৰ থিক ৩০ ছেকেণ্ডত সকলোবোৰ শেষ!
তথ্য অনুসৰি, ৪৫ বছৰীয়া বিশ্বকুমাৰ আছিল ১১এ চিটত । মুঠ ২৪২ জন যাত্ৰী আৰু ক্ৰুৰ ভিতৰত সম্ভৱত তেওঁৱেই একমাত্ৰ জীৱিত আছে। দুৰ্ঘটনাত তেওঁৰ সহযাত্ৰী তথা ভাতৃ অজয় কুমাৰ ৰমেশৰ মৃত্যু হয়। তেওঁ আনটো শাৰীতে বহিছিল।
ভাইৰেল ভিডিঅ’টোত তেওঁক বিমানখনৰ ধ্বংসাৱশেষৰ পৰা ওলাই অহা দেখা গৈছে। তেওঁ জনাই, “টেক অফৰ ঠিক ৩০ ছেকেণ্ডৰ পাছত এটা বিকট শব্দ শুনিলোঁ। তাৰ পাছত বিমানখন ভাঙি পৰিল। সকলো অতি সোনকালে হৈ গ’ল।মই নাজানো কেনেকৈ তাৰ পৰা ওলাই আহিলোঁ।”
চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, বিশ্বকুমাৰৰ বুকুত আঘাত পাইছে। অৱশ্যে ইয়াৰ মাজতে তেওঁ ধ্বংসাৱশেষৰ পৰা ভাতৃক বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছে।