Air india: মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত বোমাৰ আক্ৰমণৰ ভাবুকি। পুনৰ বিপৰ্যয় এয়াৰ ইণ্ডিয়া পৰিসেৱা।বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত হোৱা এক ভয়ানক দুৰ্ঘটনাত বিমানত থকা ২৪১ জন লোকৰ মৃত্যু হয়।
তাৰ ২৪ ঘণ্টাৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে শুকুৰবাৰে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পাছতে জৰুৰী অৱতৰণ কৰে।
থাইলেণ্ডৰ ফুকেটৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ফুকেট বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, এ আই ৩৭৯ বিমানখনে জৰুৰীকালীন অৱতৰণ কৰে।
বিমানখনৰ পৰা নমাই অনা হয় যাত্ৰীসকলক। ততাতৈয়াকৈ সকলো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। অৱশ্যে তালাচীৰ অন্তত বিমানখনত কোনো বোমা পোৱা নগ’ল।
এয়াৰ ইণ্ডিয়াৰ বিমানখনত আছিল ১৫৬ জন যাত্ৰী । বিমানখনত বোমা ৰখাৰ ভাবুকি আহিছিল।
শুকুৰবাৰে পুৱা বিমানখনে ফুকেটৰ পৰা দিল্লীলৈ উৰা মাৰে যদিও পাছত আন্দামান সাগৰৰ ওপৰেৰে ঘূৰি ফুকেটত জৰুৰীকালীন অৱতৰণ কৰে।