Air India plane Crashed Update: স্বামীক লগ পোৱাৰ সপোন-আশা বিমানৰ ছাইত বিলীন হ’ল

লণ্ডনত নতুন জীৱনৰ আৰম্ভণি কৰা আৰু নহ'ল: ভাৰতৰ মধুৰ স্মৃতি মনতে মাৰ গ'ল, তিনি সন্তানসহ চিকিৎসক-দম্পতীৰো মৃত্যু দুৰ্ঘটনাটোত

women dead

Air India plane Crashed Update:

লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমানখনে ছাই আৰু ধোঁৱাৰ কুণ্ডলী হৈ আকাশে-বতাহে বিলীন হোৱাৰ দৰে বহু সপোন আৰু আশাও চিৰকাললৈ মৰহি গ’ল। ‘বয়িং ৭৮৭-৮ ড্রিমলাইনাৰ’খন লণ্ডনলৈ যোৱাৰ পথত ক’তো নৰয় আৰু ১০ ঘণ্টাৰ যাত্রা সময়ৰ বাবে ই কঢ়িয়াই লৈ যায় ৮০-৯০ টন অতি উচ্চ দাহ্য ইন্ধন।

ADVERTISEMENT

বিমানখন ভূপতিত হোৱাৰ ফলত সেয়েহে ভয়াৱহ অগ্নিকাণ্ডৰ সৃষ্টি হয় আৰু জনাকীর্ণ মহানগৰীৰ ঘৰৰ ছাদত বহু ঘণ্টা ধৰি জুই জ্বলি থাকে। এই বিমানখনৰ যাত্ৰীসকলৰ মাজতে আছিল খুচবু ৰাজ পুৰোহিত নামৰ এগৰাকী ন-বোৱাৰী। ৰাজস্থানৰ বাল’টাৰা জিলাৰ আৰাবা গাঁৱৰ বাসিন্দা খুচবুয়ে চলিত এই বৰ্ষৰ জানুৱাৰীত মনফুল সিঙৰ স’তে বিবাহপাশত আবদ্ধ হয়। স্বামী মনফুল লণ্ডনত অধ্যয়নৰত এজন ছাত্ৰ আৰু বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে খুচবুয়ে স্বামীৰ ওচৰলৈ যাবলৈ উঠিছিল অভিশপ্তৰূপে বিবেচিত হোৱা বিমানখনত।

নৱ বিবাহিতা খুচবুৰ এই সপোন আৰু আশা বিমানৰ ছাঁইত মিলি গ’ল। এই পর্যন্ত খুচবুৰ স্বামীৰ প্ৰতিক্রিয়া জ্ঞাত হোৱা নাই যদিও ঘটনাটোৱে পৰিয়ালটোত অভাৱনীয় শোকৰ সৃষ্টি কৰিছে।

অভিশপ্ত বিমানখনত উঠাৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছত খুচবুয়ে আহমেদাবাদ বিমান বন্দৰত পিতৃ মদনৰাজ পুৰোহিতৰ স’তে শেষখন ফটো ক্লিক কৰিছিল। পিতৃ-কন্যা দুয়ো এনিশাৰ পূৰ্বে বাল’টাৰা গাঁৱৰ পৰা আহিছিল আহমেদাবাদলৈ। লণ্ডনত প্রায় ছমাহে অপেক্ষা কৰি আছিল তেওঁৰ স্বামী। কিন্তু সেই আশা পূৰণ নহ’ল। স্বামী-স্ত্রীৰ মিলন নঘটিল। এই দুর্ভাগ্যজনক ঘটনাটোৰ পাছত খুচবুৰ ফটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। ঘটনাৰ সম্ভেদ পাই ততাতৈয়াকৈ গৃহ অভিমুখী পিতৃয়ে উভতি আহে আহমেদাবাদলৈ।

মন কৰিবলগীয়া যে ৰাজস্থানৰ ১১ গৰাকী যাত্ৰী আছিল বিমানখনত। ইয়াৰ ভিতৰত আছিল লণ্ডনৰ এখন ৰেস্তোৰাঁৰ ৰান্ধনী (চেফ) হাদিচান্দ মেনাৰিয়া আৰু প্ৰকাশ মেনাৰিয়া তথা উদয়পুৰৰ মাৰ্বল ব্যৱসায়ীৰ পুত্র-কন্যা ক্রমে শুভমোদী আৰু ছগুন আছিল বিমানত। তদুপৰি আছিল বিকানেৰৰ কৃত্ৰিম অলংকাৰৰ ব্যৱসায়ী অভিনৱ পৰিহাৰ আৰু এজন প্রাক্তন বিধায়কৰ নাতি।

এই বিমানত আছিল চিকিৎসক-দম্পতী ডাঃ ক’নিৰ ব্যাস আৰু তেওঁৰ স্বামী ডাঃ প্রদীপ যোশী আৰু তেওঁলোকৰ তিনি সন্তান প্রদ্যুৎ, মিৰায়া আৰু নকুল। অভিনৱ পৰিহাৰে প্ৰথমবাৰৰ বাবে ১০ বছৰৰ ভিতৰত তেওঁ লণ্ডনত নিগাজীকৈ থাকিবলৈ লোৱা পৰিয়ালক সাক্ষাতৰ বাবে যাত্রা কৰিছিল এই বিমানত। ইপিনে, তিনি সন্তানসহ চিকিৎসক দম্পতীৰ লণ্ডনত নতুন জীৱনৰ আৰম্ভণিৰ সপোন অভিশপ্ত বিমানৰ স’তে বিলীন হ’ল।

# ভাৰতৰ মধুৰ স্মৃতি বিমানৰ ছাইত পৰিণত হ’ল

লণ্ডনৰ যোগ উদ্যমী জেমিমিকে তেওঁৰ গুজৰাট ভ্ৰমণ সমাপ্ত কৰি ভাৰতৰ অসাধাৰণ স্মৃতি বুকুত কঢ়িয়াই ঘৰলৈ উভতিবলৈ সাজু হৈছিল। বুধবাৰে নিশা ইনস্টাগ্রামৰ এটা প’ষ্টত তেওঁ আৰু তেওঁৰ সংগী ফিয়ংগেল গ্রীণল’-মিকৰ স’তে ভাৰতত আহৰণ কৰা চমকপ্রদ অভিজ্ঞতাৰ কথা সোঁৱৰিছিল আৰু কৈছিল যে এই নিশাই হ’ব ভাৰতত তেওঁৰ শেষ নিশা। বৃহস্পতিবাৰে পুৱা বিমানত উঠাৰ পূর্বে জেমিয়ে এটা ভিডিঅ’ আপলোড কৰি কৈছিল, ‘গুড বাই ইণ্ডিয়া’। ভাৰতৰ পৰা নহয়, পৃথিৱীৰ পৰাই চিৰবিদায় ল’লে জেমি আৰু তেওঁৰ সংগীয়ে। জেমিয়ে ইনস্টাগ্রামৰ আন এটা প’ষ্টত আহমেদাবাদৰ এখন প্রখ্যাত ঐতিহ্যবাহী হোটেলৰ বিষয়েও ভিডিঅ’ৰ জৰিয়তে দেখুৱাইছিল। জেমি হৈছে ‘দ্য বেলনেছ ফাউন্ড্রী’-টেৰট আৰু আধ্যাত্মিক সুস্থতা (বেলনেছ)ৰ এটা কেন্দ্ৰৰ সঞ্চালক।

ইয়াৰ সংগী ফিয়ংগলেও এটা ভিডিঅ’ত কৈছে, ‘এয়া ভাৰতত আমাৰ শেষ নিশা। সঁচাকৈয়ে আমি অৰ্জন কৰিলো এক মায়াময় অভিজ্ঞতা। বহু চমকপ্রদ ঘটনা ঘটিল। এই সকলোবোৰ যোগ কৰি আমি এটা ভুগ বনাম। মই ভাবো সেইটোৱে হ’ব মোৰ প্ৰথমটো ব্লগ। গুজৰাটী থালিৰ সোৱাদ লোৱা জেমিয়েও এনে বিভিন্ন মুহূৰ্তৰ বর্ণনা কৰে সামাজিক মাধ্যমত। তেওঁ কয় যে এই অসাধাৰণ অভিজ্ঞতাসমূহ তেওঁ ঘৰলৈ উভতি যোৱাৰ পাছত সকলোৰে স’তে শ্বেয়াৰ কৰিব আৰু এই মুহূৰ্তৰ বাবে তেওঁ উদগ্ৰীৰ হৈ আছে।

Exit mobile version