Boeing 787 Dreamliner is flawed:ড্রীমলাইনাৰ বিমানত প্রযুক্তিগত ত্রুটিৰ অভিযোগ আছিল, ব্যৱস্থা নল’লে ব’য়িং প্রতিষ্ঠানে

boing

Boeing 787 Dreamliner is flawed:

বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ বিমান দুর্ঘটনাটোৰ কাৰণ ব’য়িং ৭৮৭-৮ ড্রীমলাইনাৰ বিমানৰ প্ৰযুক্তিগত ত্রুটি নেকি ? এই প্রশ্ন উত্থাপন হোৱাৰ কাৰণ হৈছে এযুগ পূর্বে মার্কিন বিমান সংস্থা ব’য়িঙৰ উক্ত ড্রীমলাইনাৰ শ্ৰেণীৰ বিমানত প্রযুক্তিগত ত্রুটি থকা বুলি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এনে অভিযোগক সমূলি গুৰুত্ব নিদিলে ব’য়িং প্রতিষ্ঠানে।

ADVERTISEMENT

তাৰ পৰিৱৰ্তে কিছুদিন পূৰ্বে সংস্থাটোৱে গৰ্বৰে প্ৰকাশ কৰে যে ৭৮৭-৮ ড্রীমলাইনাৰ মডেলৰ বিমানে এই পর্যন্ত বিশ্বত এশ কোটিৰো অধিক যাত্ৰী পৰিবহণ কৰিছে। সংস্থাটোৰ এনে দম্ভৰ বাবে বৃহস্পতিবাৰে আহমেদাবাদত শতাধিক ভাৰতীয়সহ দুই শতাধিক যাত্রী তথা বিমান কৰ্মচাৰীয়ে প্রাণ হেৰুৱাবলগীয়া হ’ল নেকি বুলি সম্প্রতি ব্যাপক চর্চা হৈছে।

উল্লেখ্য যে ২০১৭ত সংস্থাটোৰ এজন প্রাক্তন অভিযন্তা জন বার্নেটে অভিযোগ উত্থাপন কৰে যে ব’য়িঙে এই ড্রীমলাইনাৰ শ্ৰেণীৰ বিমান প্রচলিত মান ৰক্ষা কৰি তৈয়াৰ কৰা নাই। অধিকসংখ্যক বিমান উৎপাদন কৰি অধিক লাভ অৰ্জন কৰা স্বার্থত সংস্থাটোৱে এনে নীতিহীন পন্থা অৱলম্বন কৰা বুলি অভিযন্তাজন সৰৱ হৈছিল। তেওঁ অভিযোগ উত্থাপন কৰা অনুসৰি, এই শ্ৰেণীৰ ড্রীমলাইনাৰ বিমান উৎপাদন কৰোতে ব’য়িঙে মার্কিন আইন গণনাতীতভাবে উলংঘা কৰি কাৰখানাৰ মান নিঃশেষৰো চেষ্টা কৰে।

গতিকে ড্রীমলাইনাৰ ৭৮৭-৮ শ্ৰেণীৰ বিমানৰ যাত্ৰীৰ সুৰক্ষা সম্পৰ্কীয় দিশটো বিভিন্ন স্তৰত ব্যাপক চর্চা হৈ আহিছে। এনে অৱস্থাতে যোৱা বছৰৰ মাৰ্চত ৰহস্যজনক পৰিৱেশত অভিযন্তা বাৰ্ণেটৰ মৃতদেহ উদ্ধাৰ হয়। তাৰ পাছৰে পৰা ব’য়িং প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ক্রমে নিশকতীয়া হ’বলৈ ধৰে। এনে অৱস্থাতে আজি আহমেদাবাদত ড্রীমলাইনাৰ বিমান দুর্ঘটনাত পতিত হোৱাত অভিযন্তা বাৰ্ণেটৰ কথা পুনৰ চৰ্চালৈ আহিছে। একাংশ ব্রিটিছ সংবাদপত্রই তেওঁৰ অভিযোগ পুনৰ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে।

উল্লেখ্য যে ২০০৭ত ব’য়িঙৰ এই ড্রীমলাইনাৰ শ্ৰেণীৰ বিমানৰ উৰণ আৰম্ভ হয়। তাৰ কিছু বছৰৰ পাছৰে পৰা বিশ্বৰ বিভিন্ন স্থানত ব’য়িঙৰ এই শ্ৰেণীৰ বিমানৰ যান্ত্রিক ত্রুটি ধৰা পৰিবলৈ ধৰে। আজি আহমেদাবাদত দুর্ঘটনাত পতিত হোৱা ৭৮৭-৮ ড্রীমলাইনাৰ শ্ৰেণীৰ বিমানখন প্রায় ১২ বছৰ পুৰণি বিমান। লক্ষ্যণীয়ভাৱে দুটা ইঞ্জিনযুক্ত এনে বিমান বিপৰ্যয়ৰ সন্মুখীন নহয় বুলি ব’য়িঙে দাবী কৰি আহিছে। ২০০৯ত ব’য়িঙৰ এই শ্ৰেণীৰ বিমানৰ প্ৰথমটো দুর্ঘটনা সংঘটিত হয়। মাজ আকাশত যান্ত্রিক বিজুতি ঘটাত বিমানে জৰুৰী অৱতৰণ কৰে। আহমেদাবাদত এই শ্ৰেণীৰ বিমানৰ আজিলৈকে ছটা দুর্ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে ড্রীমলাইনাৰ ৭৮৭-৮ শ্ৰেণীৰ বিমানৰ উত্তৰসূৰী ৭৩৭ মাস্ক-৮ বিমানো অতি নিৰাপদ বুলি ব’য়িঙে দাবী কৰিছিল। কিন্তু ২০১৮ৰ পৰা এই শ্ৰেণীৰ ড্রীমলাইনাৰ বিমানৰ বহু দুর্ঘটনা সংঘটিত হোৱাত তথা ত্রুটি ধাৰাবাহিকভাৱে ধৰা পৰাত বিশ্বৰ বহুসংখ্যক বিমান সংস্থাই এই বিমানক ‘নিষিদ্ধ’ ঘোষণা কৰে।

অৱশ্যে ড্রীমলাইনাৰ ৭৮৭-৮ শ্ৰেণীৰ বিমানৰ ক্ষেত্ৰত বিশেষ দুর্ঘটনা সংঘটিত হোৱা নাই যদিও শতাধিকবাৰ এনে বিমানত যান্ত্রিক বা প্রযুক্তিগত ত্রুটি ধৰা পৰিছে। আনকি এই বিমানত ব্যৱহৃত লিথিয়াম-আয়ন বেটাৰীৰ সমস্যা এযুগ পূর্বে চিহ্নিত হৈছিল। তদুপৰি বিমানখনৰ হাইড্ৰ’লিকৰ কাৰ্যকাৰিতাক লৈও প্রশ্ন উত্থাপন হৈছিল। তেতিয়া ব’য়িং প্রতিষ্ঠানে এনে সমস্যা সমাধান কৰাৰ কথা তথা যাত্ৰীৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা বুলি প্রকাশ কৰে। সংস্থাটোৰ এই দাবী সম্প্রতি অসাৰ প্ৰতিপন্ন হোৱা বুলি চর্চা হৈছে।

Exit mobile version