Cm Himanta Viswa Sarma:ধুবুৰীত মুখ্যমন্ত্ৰীৰ শ্বুট এট ছাইটৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি সন্ধিয়াৰ পৰাই ধুবুৰী চহৰত প্ৰযোজ্য হ’ব শ্বুট এই ছাইটৰ নিৰ্দেশনা

cmoo

Cm Himanta Viswa Sarma:

ধুবুৰীত অশান্ত কৰা দুৰ্বৃত্তক দেখিলেই গুলিওৱাৰ নিৰ্দেশ। মন্দিৰত সন্দেহজনক গো -মাংস উদ্ধাৰৰ পাছত উত্তপ্ত হোৱাৰ পিছত আজি আইন শৃংখলা পৰিস্থিতি বুজ লবলৈ ধুবুৰীত উপস্হিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ভোলানাথ কলেজ ফিল্ডত হেলিকপ্টাৰেৰে অবতৰণ কৰি পোনে পোনে ধুবুৰী অৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ হৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

ADVERTISEMENT

নিশা ঘৰৰ পৰা ওলালে , কোনোবাই শিলগুটি নিক্ষেপ কৰিলেই জিলা প্ৰশাসনক গুলিওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জামিনবিহীন গোচৰ থকা ব্যক্তিসকলোকো গ্ৰেপ্তাৰ কৰিবলৈ জিলা আৰক্ষী অধীক্ষক নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। যিসকলে আইন শৃংখলা হাতত লৈছে তেওঁলোক সকলক কঠোৰ হাতেৰে দমন কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাংলাদেশৰ কোনোবা এটা শক্তি ধুবুৰীৰ এই কাণ্ডত জঢ়িত আছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত মূখ্য সচিব,ধুবুৰী জিলা আয়ুক্তৰ, আৰক্ষী অধীক্ষক আৰু উচ্চপদস্ত বিষয়সকল । ইতিমধ্যে সমগ্ৰ ধুবুৰী চহৰত ৰেপিড একশ্যন ফৰ্চ ( RAF) , CRPF , কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে।

Exit mobile version